সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

156 সু ভা 00 00 00 মহৰী দ্বিতীয় দৰ্শন (ভাবিৰামৰ বৰ ঘৰ। ভাবিৰাম আৰু সুমথিৰা বোপাই! ইমান পৰ তইনো ক'ত অনাই-বনাই ফুৰিছিলি? ভাত অথনিয়ে হ'ল। তেনেই শুকাই কৰ্কৰিয়া হ'ল। তোলৈ বাট চাই থাকোঁতে মোৰ আমনি লাগিল। কাম-কাজ নাই, মিছাতে নিতৌ টলৌ টলৌকৈ ফুৰি থাক। ইমান ডাঙৰ গেহনেখীয়া মানুহটো তোৰ এতিয়াও এফেৰা জ্ঞান নহ'ল। মই যদি তোক ভালক বুলি বৰাওঁ - বুজাওঁ, তই আকৌ উচাৎ মাৰি গুচি যাৱ। পানী কেঁচুৱাৰ দৰে ঠেহ পাতি ভাত নেখাৱ। চাচোন বাৰু, বহি খালে কোঁৱৰৰ ভঁড়ালো উদং হয়। বাপেৰৰনো কি ধন-সম্পত্তিবোৰ আছে, তাতে যে তই এইদৰে ধিতিঙালি কৰি ফুৰ? মই বুঢ়ীনো কেইদিন জীম? তোৰ এনেটো স্বভাৱৰ মূৰতহে তেও কোনেও ভাল নোবোলে। হেৰ, তইনো এই নিকুটুমীয়া সংসাৰত কেনেকৈ তৰিবি? যা মোৰ বোপাই। যা, গা ধুই আহগৈ। মই তোৰ লগত এইদৰে কিমান শুকাই মৰিম? আই! আজি মোক উকীল দদাইদেৱে তেওঁৰ চিনাকি চাহাব এজনলৈ চিঠি এখন দি তাত কাম কৰিবলৈ পঠিয়াইছে। ময়ো আজিয়েই যাম বুলি কৈ আহিছোঁ। এতিয়া গা-পা ধুই ভাত-পানী খাই যাওঁ। মিছাতে এইদৰে কিমান দিননো নিয়াম? লগৰ সমনীয়াবোৰে ভালে- কালে দিন নিয়াইছে; মোক মানুহে মানুহ যেনকে নেদেখে। পৃথিৱীত ধনহীন জীৱনৰ একো সকাম নাই। আই, মই জানো এইদৰে টিঘিল- ঘিলাই ফুৰাটো বেয়া বুলি নেজানো? কি কৰিম, কোনো নাই। এঠাইত গোজ মাৰি থওঁতা হ'লে, মই জানো বগাব নোৱাৰোঁ? তাকেনো কোনে কৰে? এতিয়া মোৰ কপাল মুকলি হ'ল হ’বলা। দদাইদেৱে জানিবা ইমান দিনৰ মূৰত এতিয়া চকু মেলি চাইছে। বোপাই! ক’লৈনো যাব লাগিব?