সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

15 155 ভা 150 সু 15 সু ভা 15 সু 00 00 মহৰী ইয়াৰ পৰা ডেৰ কুৰিমান মাইল দুৰৈত ঔগুৰি নামে বাগিচা এখন আছে, তাতে তেওঁৰ চিনাকি চাহাবজন থাকে, তালৈকে ম‍ই যাম। একে দিনাই পাবিগৈ জানো? খোজ কাঢ়িব পৰা মানুহে একেদিনাই পাবগৈতো। মই খোজ কাঢ়িব নোৱাৰোঁ, লাহে লাহে দুদিনেহে পামগৈ। 00 আই ঐ! মোৰ সোণাই ঐ। ইমান দুৰৈত দুদিনীয়া বাটত গৈ ধন ঘটিব নেলাগে। মোৰ বুকু উদংকৈ গ'লে, মই অকলে কাৰ মুখ চাই থাকিম? মোৰ আগলৈকো নাই পিছলৈকো নাই, ভালে-বেয়াই এয়েইহে মাথোন। নেলাগে বোপাই। তই যাব নেলাগে। মাগি হক, খুজি হক, মই-পোৱে কোনোমতে দুবেলা দুমুঠি খাই ভগা পঁজাতে পৰি থাকিম। আই! তুমি মোক কিয় মিছাতে এইখন হকা-বধা কৰিছা? মই জানো কিবা মৰিবলৈ ওলাইছোঁ, তুমি যে এইখন আঐ-বিঐ কৰিছা? ম‍ই সদায় তাতে থাকিম নে? এতিয়া গৈ এটা কাম-কাজ ঠিক কৰিব পাৰিলে তোমাকো তালৈ লৈ যাম। বকুল শৰ্মাক দেখা নাইনে? বাগিচাতে দেখৰমানে ধনবোৰ ঘটিলে। কাম-কাজত পাৰ্গত বাবে চাহাবেও তেওঁক বৰ ভাল পায়। এতিয়া তেওঁ দহ বুলিলে দহ, পাঁচ বুলিলে পাঁচ। গাঁৱত তেওঁৰ কিমান মান দেখা নাইনে? লোকৰ কপালী মানুহৰ ফেৰ ধৰিব নেপায়। তেওঁ ভাগ্যৱন্ত মানুহ: তই তেওঁৰ জোৰ ল'বলৈ আহিছ? ভেকুলীৰ পিঠিত কেতিয়াও নোম নগজে। কপালত লেখা থাকিলেই জানিবা, পিছে হাত সাৱটি বহি থাকিলেই হ'বনে? পুৰুষে পুৰুষাৰ্থ কৰিলেহে হয়। তুমি মোক একো হকা বধা নকৰিবা, ম‍ই দদাইদেউক কৈ-মেলি ওলাই আহিছোঁ, আজি যামেই যাম। তই জানো মোৰ কথা শুন। তইযে তালৈ যাৱ, তাত তোৰ ক'ৰ বাপেৰৰ ফালৰ কুটুমটো আছে? অ', জ্বৰ-নৰিয়া পৰিলে দাঁতৰ গুৰিত পানী এটুপি দিওঁতা নাই। যাব খুজিছ যা হেৰ', তই জানো খোজ