সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা ভা 00 জি 00 বা জি জি F F F F F F বা জি জি বা PF F বা 00 00 00 o মহৰী হেৰ', মেজৰ ওপৰতে আছে নহয়, গোটেইখন ঘৰ চাব লাগিছে কেলৈ? (ভিতৰলৈ যাওঁতে ভোৰভোৰাই) এৰা; তাকেনো আকৌ নকয় কেলৈ আকৌ? মই আকো মিছাতে আকৌ গোটেইখন ঘৰ আকৌ চুলাট কৰিলোঁ আকৌ। দদাইদেউ, মই দিনৰ দিনটো বাপিক বাৰীতে খুচখুচকৈ কাম কৰি থকাহে দেখোঁ। কেতিয়াবা আকৌ বোপাটিক বোকোচাত বান্ধি ওমলাই লৈ ফুৰে। ইয়াক যিহকে কৰিবলৈ কোৱা, তাকে সি লেকেৰ-লেকেৰকৈ কৰি থাকিব। একোটোকে আমনি নেপায়। তাৰ সিদিনাৰ কথা এটা শুনিলে তোমাৰ হাঁহিত পেটু-নাড়ী ছিগিব। সিদিনাখন বোপাটিৰ মাকে তাক পাণ দুবিৰামান পাৰি আনিবলৈ ক'লে বুইছা; বলিয়াই পিছে গৈ মোৰ আটাইকিজোপা পাণ তেনেই খাস্তাং কৰিলে। (ভিতৰৰ পৰা আহি) দেউতা, তাত আকৌ মেকুৰী পোৱালি দুটাহে আকৌ আছে। সেইবোৰ আকৌ নাই। হেৰ' ক'ত অ’? দেউতা, সেই মেৰত। ক'ৰ মেৰ? ধান থোৱা আকৌ সেই নগা-ঢাৰিৰ আকৌ মেৰটোত। মইনো তোক বাৰু কি খুজিছিলোঁ? (মাহি-মুহাকৈ) জানো আকৌ বোপাই আকৌ কিবা টোপোলা এটা আকৌ বুলি কোৱা যেন আকৌ শুনিছিলোঁ। কিহৰ টোপোলা তই তেন্তে ক'ব নোৱাৰ? (মূৰটো খজুৱাই খজুৱাই) এঁ – এঁ আকৌ। - (মুখখন বিদাই) তই আকৌ আকৌখনহে কৰিব জান (মাহি-মুহাকৈ) দেউতা, আকৌ কিহৰ টোপোলাটোনো আকৌ আনিব লাগে আকৌ।