সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জি বা A ভা জি 5 2 5 জি জি - 1 00 মহৰী মই পলম নকৰোঁ। আপুনি এতিয়াই লিখি দিয়ক, ম‍ই চিঠি লৈ আজিয়েই একেবাৰে ঘৰৰ পৰা ওলাই যাওঁ। বেছ কৈছা, হয় মই এতিয়াই লিখি দিওঁ, তুমি লৈ যোৱাঁ। ' (ডাঙৰকৈ) হেৰ' বাপি অ', মোৰ কাপ-মৈলামযোৰ লৈ আহগৈ। (ভিতৰৰ পৰা আহি, তেলৰ বাটিতো জিউৰামৰ ওচৰতে থৈ) এইয়া তেল, দেউতা। হেৰ' হাতী-কলা। মই জানো তোক তেল খুজিছিলোঁ? যা, মোৰ কাপ-মৈলামযোৰ লৈ আহগৈ। (ভিতৰলৈ যাওঁতে ভোৰভোৰাই) তাকেনো আকৌ মইনো আকৌ বুজিব নেপাওঁ নে আকৌ? মই বোলোঁ হ’বলা আকৌ সেই গুণে আকৌ তেলকে লৈ আকৌ আহিছিলোঁ আকৌ। হেৰ' বাপিকাই। দদাইদেউৰ কাকতৰ টোপোলাটোও লৈ আহিবি। ওঁ, লৈ আহ, তাতে চকুযোৰো আছে, কেনেবাকৈ ভাগিব চাবি। দদাইদেউ, বাপি দেখোন তেনেই মিজিঙা, ই বন-বাৰি কৰিব পাৰেনে? ভাল কৈছা, বোপা, আমাৰ এঘৰ মানুহৰ ই আসোঁৱাহ নোহোৱাকৈ আলপৈচান ধৰে। তাক দেখিবলৈহে তেনেকুৱা, কিন্তু সকলো কামতে পাৰ্গত। এৰা; কানীয়া মানুহ দেখিহে বপুৰিক মিজিঙা যেন দেখি। নহয়, মই তাক বোপা! কানি এৰুৱালোঁ। কি কৰিলোঁ বুইছা? প্ৰথমে সি চপৰায় চপৰায় বজাইছিল। পিছে, মই তাৰ হাতত নিদি নিজেই ভাগ কৰি দিওঁ। লাহে লাহে এফেৰি এফেৰি কৰি কমাই আনিলোঁ, এতিয়া সোণাৰুৰ এঠাকে ভাগ কৰি দিওঁ; সিও ৰংমনেৰে তাকে খায়। দিনচেৰেকৰ পাছত তাকো গুচাম। (ভিতৰৰ পৰা ওলাই আহি) দেউতা, গোটেইখন আকৌ ঘৰ পিট্‌পিটকৈ আকৌ চালোঁ, কতো আকৌ নাই, কোনোবাই আকো কাহানিবা আকৌ নিলে কি চিলে হে আকৌ চাগৈ।