সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভা 0 মহৰী প্ৰথম অংক প্ৰথম দৰ্শন (জিউৰামৰ চ'ৰাঘৰ, জিউৰাম আৰু ভাবিৰাম) বোপা! এতিয়া তুমি স্কুল এৰি, মিছাতে এনেই ঘটং মটংকৈ ফুৰিছা কিয়? এঠাইত কাম-কাজ এটাকে কৰাঁ। এৰা, দদাইদেউ। মোৰো কাম-কাজ এটাতে ধৰিবৰ মন। পিছে, আজি-কালি কাম-বন পোৱা দেখোঁ বৰ টান। পাৰে যদি এঠাইত আপুনিয়েই লগাই দিয়কচোন। মোৰনো আৰু কোন আছে? দিনে -- ৰাতিয়ে আয়েও কেট্‌কেটাই থাকে, সকলো আপোনাতে ভৰসা আপুনি হাত-দীঘল মানুহ, যি ভাল দেখে তাকে কৰক। তুমি যেনে চট্‌টীয়া ল'ৰা, ঔগুৰি বাগিচাৰ ফক্স চাহাবো তেনে চট্‌টীয়া হাকিম। তাতে এটা কামত সোমাব পাৰিলে, মই চাওঁতে বেয়া হ’ব নেপায়, তেওঁৰে সৈতে মোৰ ভালকৈ চিনা-জনাও আছে। মই তেওঁক বঢ়াই-বুজাই ক'লে পেটৰ পোৱালিৰ দৰে মৰম-বেথা কৰিব। মই নিজে যাব পৰা হ'লে জানিবা কথাই নাছিল। এতিয়াও চাহাব আহিলে, যি ক'ব লাগে মই বুজাই ক'ম। তুমি সম্প্ৰতি চিঠি এখনকে লৈ চাহাবক দেখা কৰাঁগৈ। তেওঁ আমাৰ দেশতে থাকি বুঢ়া হ'ল। অসমীয়া মানুহক পেট-সমন্বিতে বৰ ভাল পায়। তেওঁৰ যহতে কত মানুহৰ চাউল হৈছে। হয় দদাইদেউ। আগেয়ে কোনোমতে এঠাইত মূৰটো সুমুৱাই ল'ব পাৰিলেই গা ৰয়। ক'ৰবাতনো কোনোবাই ভুকুটোতে কলটো পকাব পাৰেনে? মইহে যদি মন দি চেষ্টা কৰোঁ, অৱশ্যে আগলৈ উন্নতি নহৈ নেথাকে৷ দেউতা ঢুকাবৰে পৰা পঢ়া-শুনাটো যে সমূলি গ'লেই, এতিয়া পেটৰ ভাতমুঠি মোকোলাবলৈকো টান হৈহে উঠিছে। দদাইদেউ, মানুহে কয়, “ভাল কামলৈ হেলা নকৰি ততালিকে কৰিব লাগে, আৰু বেয়া কামলৈ পিছ হুঁহকিব লাগে।” এতেকে