সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জি বা জি মহৰী 0 ঘোঁৰাটো আনি জিনখন লগাই বেগতে আমাৰ বোপাক দেহি, যা। (ভিতৰৰ পৰা) ভাল, দেউতা। 00 বোপা, মই এতিয়া আৰু যাওঁহে, সৌ বজাৰৰ পৰা আহিব লাগিছে। তুমি ঘোঁৰাটো লৈ যাবা। নাইবা তুমি গৈ তাক লৰালৰি কৰোৱাগৈ, নহ'লে দুষ্টই লেহেম কৰি পলম কৰিব। এতিয়া মই আহিলোঁ। (জিউৰাম গুচি গ'ল ) (আপোনা-আপুনি) এতিয়া কেনে? নিজে যাচি দিবলৈকো দেখোন তত্ হেৰাই গ'ল আকা। মানুহে কথাতে কয়— “বুধি যাৰ সুখ তাৰ, অজলাৰ দুখ ভাৰ।” “হেকাই টিলিকি বাওঁ, মাগুৰ মাছৰ খোলা খাওঁ”। এতিয়া বটুৱা ঘোঁৰা লৈ দিনৰ দিনটো যাম বাপেকে। (ভাবিৰাম গ’ল) ) ১৬