সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

G জি 5 জি ভা জি G বা 00 00 মহৰী এদিন-দুদিনকৈ অভ্যাস কৰিলেই খোজ কাঢ়িব পৰা হ’বা। নেজানানে— “অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।” (মনতে) এওঁ মোক কি ঘোঁৰা দিব? অগাইধ কৃপণ; লোকৰ হ’লে সোপাকে লাগে, নিজৰ হ'লে কুটা এগছকে দিবৰ সত নেযায়। এটা ফাকিকে দিওঁ, তেহে যদি সৰকাব পাৰোঁ। নহ'লে আকৌ ৰহমানৰ ওচৰলৈকেহে যাব লগাত পৰিব। (ফুটাই) দদাইদেউ, এই ঘোঁৰাটো জানো বেচিব? বটুৱা ঘোঁৰাপাট মিছাতে কেলৈ ৰাখিছে? মুঠেই পইচাৰ সাং হৈছে। ভাল চাই চোকা ঘোঁৰা এডোখৰ লক। এইপাট ৰূপ টকাদিয়েক লাভ ৰাখি বেচি দিয়াকে ভাল দেখোঁ। আপুনিনো কিমানত কিনিছিল? দগা নহয় বোপা। বৰ ভাল, গতিয়াই দিলেই লৰ মাৰে। ম‍ই বুঢ়া মানুহ, ইয়াতে উঠি ইফাল-সিফাল কৰোঁ। হওঁতে ইয়াকে বেচি অইন এডোখৰ ল'ব পাৰিলে একো বেয়া নহয়। ইয়াৰ পিঠিত অলপতে ঘা লাগে, সিদিনাখন যিহে ডকডকীয়া ঘাডোখৰ লাগিছিল, কেৱল ধূলীয়া মাৰোঁতে মাৰোঁতে আমনি লাগিল। এতিয়া তেহে শুকনিমুৱা ধৰিছে। মই ২৫ টকাত লৈছিলোঁ, এতিয়া ১০/১৫ টকামান উপৰি পালেই দিব পাৰোঁ। সিদিনা কাবুলি এটাই উপযাচি ৩০ টকা দিছিল, মইহে নিদিলোঁ। এহ্ তেন্তে দিয়াই ভাল আছিল; নিদিলে কেলৈ? এতিয়ানো আপুনি তাতকৈ সৰহ ক'ত পাব? তুমি জানো বেচিব পাৰিবা? লোকে ক'ত হাতী বেচিছে, মই আৰু বটুৱা ঘোঁৰা এটা বেচিব নোৱাৰিম নে? নেলাগে, মই সৌ ৰামদয়াল কেঞাৰ ঘোঁৰাটোকে বেঢ়ি থৈ আহিম। সি আগেয়ে কেবাদিনো উনুকিয়াইছিল। কেলৈ লাগিছে, লোকৰ বিপদ নিজৰ ডিঙিত বান্ধি হাৰমাল লগোৱাৰ আৱশ্যক নাই। আমাৰটোকে লৈ গৈ টকাদিয়েক লাভ কৰি বেচি থৈ আহিবা। (চিঞৰ মাৰি) হেৰ, বাপি অ'। (ভিতৰৰ পৰা) দেউতা। ১৫