সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জি : ভা জি মহৰী চতুৰ্থ দৰ্শন জিউৰামৰ চ’ৰাঘৰ (জিউৰাম আৰু ভাবিৰাম ) কি বোপা! যাবলৈকে ওলাই আহিছা নে? আজি দেখিবলৈ বেছ হৈছে। তোমাক ঠেঙা, টুপী পিন্ধা দেখিলে ভাবি বুলি চিনিবকে নোৱাৰি। কাপোৰে-কানিয়ে যেনে ফিট্-ফাট্‌টি হৈছা, কামতো ঠিক তেনে হ'ব লাগে। মই চাওঁতে ৰূপতকৈ গুণৰ ভাগটিহে বেছি হ'ব লাগে, বোপা। যোৱাঁ, চিঠিখন আনিছা নে? কিন্তু মোলৈ হ'লে চাহ এগাল পঠিয়াবলৈ নেপাহৰিবা আকা। দেখিলেহে লেখিম, এতিয়া সৰহ কথা কোৱাটোকে নকওঁ। বোপা, তুমি এইটো পোছাক কাহানি কৰালা? কাম কৰিবলৈ যাবলৈ জপাত সাঁচি থৈছিলা নেকি? দদাইদেউ, এইটো মোৰ পোছাক নহয়, মোৰ এজন বন্ধুৰ। তেওঁ মোৰ বাবে একো নকৰিবলৈ নথয়; সংসাৰত এতিয়া মই তেওঁৰে তুলনা কৰিবলৈ কাকো নেপাওঁ। মই তেওঁক সকলো কথা ভাঙি- ছিঙি কোৱাত, তেওঁ যি পাৰে সহায় কৰিবলৈ আওহেলা কৰা নাই। তেওঁৰে ঘোঁৰাটো মোক লৈ যাবলৈ কৈছিল। পিছে মই মানুহক সকলো কথাতে আমনি কৰিবলৈ ভাল নেপাওঁ। আয়ে আপোনাৰ ঘোঁৰাটোকে নিবলৈ কৈছে, সেইগুণে একেবাৰে পিন্ধি-উৰি ওলাই আহিছোঁ। আগে-পাছে মই দূৰণীয়া বাটলৈ খোজ কাঢ়ি যোৱা নাই, সেইহে ভয়ো লাগে। আৰু এইদৰে পিন্ধি-উৰি খোজ কাঢ়ি যোৱাটোও লাজৰ কথা। 0 (মুখখন বিদ্ৰাই) কি লাজৰ কথা? ঠেঙাটুপীপাট পিন্ধিলেই খোজ কাঢ়িব নেপায় নে? তুমি ডেকা মানুহ, কেই মাইলনো বাট? এই কিখোজকে দেখি যদি ভয় খালা, তুমি তেনে কি কাম কৰিবা? তুমি মাৰাৰ মানত বুঢ়া হ'লেও পানী কেঁচুৱা, কাযেই অলপতে দুখ পোৱা যেন দেখিব। তেওঁ নুবুজিলে বুলি, তুমি নুবুজিবা কিয়? ১৪