সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আ 0 আ 15 আ ভা আ ভা আ 00 মহৰী মোৰ কছম দোছ! তুমি নিনিলে মই বৰ দুখ পাম। তুমি পিছেহে গম পাবা, বিনা হজ্বলে খোজ এটাকে দিব নেপায়। দোছ! মই তোমাক এইদৰে আহুকাল কৰিবলৈ বৰ বেয়া পাওঁ। তুমি হোৱাই-নোহোৱাই মোৰ লগত সদায় ধন-বিত ভাঙা, মই বৰ লাজ পাওঁ। আজি মই নিশ্চয়কৈ ভাবিলোঁ, তুমি মোক দোছ নেভাবি দোছমনহে ভাবা; নহ'লে তুমি মোক ঘিণ ভাব কৰিবা কিয়? ম‍ই বেয়া কামত অন্যায়ৰূপে এটা আধা পইচাও খৰচ নকৰোঁ। কিন্তু লোকৰ উপকাৰৰ নিমিত্তে ধন বিতৰণ কৰা দূৰতে থক— মোৰ জীৱনকো তুচ্ছ ভাবহে কৰোঁ৷ 00 দোছ! বেয়া নেপাবা দেই, মই যদি তোমাক আপোন নেভাবোঁ, তেন্তে তোমাক এইবোৰ খুজিবলৈ আহিম কিয়। 00 বেছ কথা। তোমাৰ মোক হাজাৰবাৰ খোজাৰ দাৱা আছে। অথনিয়েই আহিলোঁ, আজি যাব লাগে নহয়, মই ইমানতে উঠোঁ আৰু। · ভাল যোৱাঁ, কিন্তু মোলৈ চিঠি লিখি থাকিবা। ধন দৰকাৰ হ’লে, মোৰ কছম, লাজ নকৰি লিখিবা দেই। ভাল এতিয়া আহিলোঁ দোছ। (ভাবিৰাম উঠি গ'ল ভাল যোৱাঁ। (চমিক) আহ ভিতৰলৈ যাওঁ, অলপমান পোলাও আছে, দুয়ো খাওঁগৈ। (দুয়ো ভিতৰলৈ যায়)। ১৩