সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5 D 5 ভা 1 00 00 00 ভা 00 চ 00 আ 00 ভা 00 আ 00 55 ভা 00 মহৰী (চমিৰক) বোপা, তুমি আজি-কালি স্কুল এৰিলা নেকি? নাই এৰা, আজি ছুটী আছে গুণে ইয়াতে আহি বহিছোঁ। এৰা বোপা, ভালকৈ লেখা-পঢ়া কৰাঁ, আমাৰ অৱস্থা নেদেখিছা, বিদ্যাও নাই, ধনো নাই, কাজেই আমাৰ জীৱনত একো সকাম নাইকিয়া। ল'ৰা মানুহ, কাল আছে, তোমালোকে এতিয়াৰ পৰা সেইগুণে মন দি পঢ়াঁ। আপুনি ঠিক কৈছে, আৰু এটা কথা জানেনে? বোপা, কি কথা? আমি কলিকালৰ ল'ৰাই বলীভাত খাওঁ, আইৰ ডিঙিত ধৰি ..... (আব্দুল ৰহমান আহি কি অ’ চৰিমত! কাৰ ডিঙিত ধৰি কলৈ যাৱ? দোছ! এই ল'ৰাটো বৰ অদ্ভুত, ইয়াক ভাল কথা সুধিলে ই দেখোন কিবাখনহে গায়৷ ইয়াক মই ভাল বুলি জানিছিলোঁ। তাৰে একো কথা নেপাতিবা। ই কম নহয়, মই তাক একোটোকে নকওঁ। ই বৰ দুষ্ট (নোট আৰু কাপোৰ-কানি উলিয়াই) দোছ! এইয়া কাপোৰ আৰু নোট। ম‍ই ধাৰলৈ দিছোঁ বুলি নেভাবিবা। তুমি ইচ্ছামতে খৰচ কৰিবা, আৰু এই পোছাকটিও তোমাক দিলোঁ। নতুন কাপোৰ, তুমি মনত একো শংকা নকৰিবা; মই বেছকৈ ধোৱাই- পখলাই থৈছিলোঁ। আৰু এই জেপ-ঘড়ীটোও তোমাৰ। ইয়াৰ দাম সৰহ নহয়। মোৰ দুটা আছে। এইটো তোমাক দিলোঁ। দোছ! ঔগুৰি ভালেমান দূৰ, তুমিনো কেনেকৈ যাওঁ বুলিছাঁ? মোৰ ঘোঁৰাটোকে লৈ যোৱাঁ। মই ববাজীৰটোকে লৈ যাম। আয়ে দদাইদেউৰ ঘোঁৰাটোকে লৈ যাবলৈ কৈছে। ক'ত দিব হবলা। বাৰু, যদি নিদিয়ে মোৰটোকে লৈ যাবা। আৰু কি দৰকাৰ কোৱাচোন, ভাবাচোন বাৰু টকা আৰু ঘড়ীটোৰ আৱশ্যক নাই, বুইছা, মই পোছাকটোকে ল'লোঁ বাৰু। ১২