সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহৰী ভা 5 5 আ. 00 GA অ 5 5 আ 55 আ 00 00 00 আছে। তুমি আকৌ লাজতে মিছা কথা কোৱা৷ মোৰ আগত একো লাজ নকৰিবা। (ৱাৰ্ডচাইটো পকাই লৈ) কাক দিম? চাওঁ মোক দে। (ভাবিৰামক) ধৰাঁ দোছ। (চমিৰক) তই সৌ দিয়াচেলাইটো দে। (দিয়াচলাইটো মাৰি, ভাবিৰামক) মই লগাই দিওঁ, তুমি টানা। দোছ, সিবেলিৰ কথা মনত আছেনে? তুমি মোক পেটৰ কথা ভাঙি ক'বলৈ বৰ লাজ কৰা; কি হ'ল তোমাৰ হাতত ধন নেথাকিলে, মোৰ হাতত থাকিলে জানো তোমাৰ নহয়? মানুহৰ টকা-পইচা কেলৈ? বন্ধু-বান্ধৱৰ, অইন কি দুখীয়া মানুহৰ দুখত উপকাৰ কৰিবলৈ। ধন আজি আছে, কালি নাই, ধৰ্ম চিৰকাল থাকে। মোৰ ঘৰত ধন মাটিৰ তলত পুতি থ'লোঁ, তাৰ পৰা কি হ’ব? থকা আৰু নথকা একে কথা। এটা মগনীয়াই যদি কয় “মোৰ ধন বহুত আছে, আটাইবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই থৈছোঁ, খৰচ কৰিবৰ মন নাই, নকৰোঁ,” এতেকে সি যেনে, ধন থাকি খৰচ নকৰা ধনীও তেনে। সেইবোৰ য’ক, কোৱাচোন বাৰু তোমাৰ হাতত কেইটকামাননো আছে? আছে, হ’ব দহ টকামান এহ্, দহ টকাই কি হ’ব? হাতত কুৰি টকামান ৰাখিবা, হঠাৎ লাগ বুলিলে ক'ত পাবা? মোৰ হাতত দহ টকীয়া নোট এখন আছে, তাকে লৈ যোৱাঁ। দোছ! তোমাৰ কোট-পেটলুনযোৰ মোক দিব পাৰিবা নে? পাৰিমতো। মই নিপিন্ধোঁৱেই, তুমি নেদেখিছা? মই সদায় চাপকন- পাইজামাহে পিন্ধো। দোছ, তোমাৰ কপাল বৰ ভাল। লটিপ খলিফাই দুটা নতুন কামিজ আজি দি গৈছে, তাৰে এটা তোমাৰ। মই কামিজ সীবলৈ দিয়া নাই। এৰা, হপোনতে দিছিলা; সেইগুণে তোমাৰ। (আব্দুল ৰহমান ভিতৰলৈ সোমাই যায়)। ১১