সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

15 ভা 15 আ 1 5 5 5 চ আ ভা 1 5 5 5 5 5 5 আ 00 00 00 00 00 00 00 00 00 মহৰী ঈশ্বৰে পাছ (Pass) কৰোৱাব, একো ভয় নাই। এইবাৰ পাছ হ'লে তুমি এম এ পঢ়িবলৈ যাবা নে? সেইটো পাছ কথা। গ'লে আৰু পলাই যামনে? তোমালোকক দেখা-শুনা কৰিহে যাম। (বাৰ্ডচাই এটা পকাই পকাই) কোনোবাই খাব নে নেখায়? দোছ! তুমি বাৰ্ডচাই খোৱা জানো? খালেও হয়, নেখালেও হয়। হওঁতে নেখালেহে ভাল। ইয়াক খোৱাৰ পৰা অনিষ্টহে হৈছে। একো উপকাৰ নাই। সিদিনা বাতৰি কাকতত ইয়াৰ অনিষ্টতাৰ কথা এটা বৰ দীঘল-বহল প্ৰবন্ধত লিখিছিল। আচ্ছা, নিচা কৰা কি হিন্দু, কি মুছলমান সকলোৰে শাস্ত্ৰত মনা কৰিছে। তেওঁনো মানুহভোৰে খায় কেলৈ মই ক'ব নোৱাৰোঁ৷ আগৰ মানুহভোৰে সকলো খাই চাই যিভোৰ বেয়া পাইছিল, তাক মনা কৰি থৈ গৈছে। এই চমিত, দোছকো এটা পকাই দে হেৰ'। তোক এটা লাগে নে? মোৰ হৈ বাৰু এটা তয়ে হৰহকৈ খা। দোছ! মই কিয় আহিছিলোঁ নোসোধা কিয়? কোৱাঁ বাৰু কেলৈ আহিছা। তোমাকো এতিয়া আকৌ সুধিব লগাতহে পৰিল গৈ? মই এটা কাম বিচাৰি যাওঁ বুলি ভাবিছোঁ। কি কাম? দদাইদেৱে ঔগুৰি বাগিচালৈ পঠিয়াইছে। তেওঁৰে সৈতে হেনো ফক্স (Fox) নামৰ চাহাবজনাৰ বৰ মিল। তেওঁলৈকে মোৰ হাতত চিঠি এখন লেখি দিছে। হওঁতে বেয়া হোৱা নাই, আজি-কালি খাটোতা নহ'লে কাম পোৱা বৰ টান। সেই চাহাবৰে তেওঁ উকীল হ'বলা? তেন্তে যোৱা নিশ্চয় ঠিক হ'ব। এনেই বহি থাকিলেনো কি হ'ব? হয় যোৱাঁ, হাতত কিবা টকা-পইচা আছে জানো? এমাহমাহ নিজৰে খাব লাগিব। বিদেশত ক'ত পাবা? ১০