সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আ আ চ আ ভা আ ভা আ 00 0 0 00 মহৰী তৃতীয় দৰ্শন আব্দুল ৰহমানৰ পঢ়াৰ কোঠা (আব্দুল ৰহমান আৰু চমিৰুদ্দিন) ভাই চমিৰুদ্দিন। স্কুল এৰিলি কেলৈ? ববাজীয়েৰ ইঙ্কাল হ’লত তই আৰু দিল্লীৰ বাচাহেই হ'লি। সিদিনা তোৰ মাৰে কান্দি-কাটি বেজাৰ কৰিছে। মোক কৈছে, তোক হেনো সুখে থাকোঁতে ভূতে কিলাইছে। ছিঃ, তোৰ খছলত বৰ বেয়া হৈছে। তই চালী হাৰামজাদিৰ কথা শুনি— ঢেঁট এইটো বলিয়া নে কি? ই দেখোন মাকক গালি হপে! তই বৰ কমিনা অ' যা ভাই! তই মোৰ ইয়াৰপৰা যা। মই তেনেকুৱা কথা হুনিব নোৱাৰোঁ। মৰিবৰ সময়ত তোক এন্ড্ৰায়েলে আচ্ছা কৰি জব্দ কৰিব। মই কওঁচোন তই হুন যা, মই তোৰ কথা নুহুনো; তৰ বৰ চৈতান। (ভাবিৰাম সোমালত ) অ' দোছ! আহাঁ। চমিৰৎ, তই উঠ। সৌ মুঢ়াটোত বহ। দোছক বহিবলৈ চকীখন দে। (চকীত বহি) তোমালোকেনো কি কৰিছা? কি কৰিম? এনেয়ে বহি আছোঁ। কালি হামতু বেপাৰী নগা হাটৰপৰা আহিছে। মই ঘৰত নাছিলোঁ। মাইৰ আগত কৈ গৈছে বোলে, ববাজীৰ আজি কেইবাদিনৰেপৰা বৰ জ্বৰ। তালৈকে মই যাওঁ বুলি ভাবিছোঁ? এৰা দোছ, তুমি যোৱাঁ। বুঢ়া মানুহ তাতে ছাগৈ বৰ দুখ পাইছে। তোমাৰ পৰীক্ষা কি হ'ল? ক'ব নোৱাৰোঁ। ইমান দিন কলিকতাত ৰিজল্ট (Result) ওলাব পায়। ওলালেই মোলৈ অৰ্জেণ্ট টেলিগ্ৰাম (Urgent Telegram) কৰিবলৈ মই আমাৰ যোগেন্দ্ৰক আগেয়ে চিঠি লিখি থৈছোঁ, আজি- কালিতে পাওঁহে লাগে। ৯