সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

G মহৰী কাঢ়ি যাব পাৰিবি? দদায়েৰে যে পঠিয়াইছে, ঘোঁৰাটো লৈ যাবলৈ কোৱা নাইনে? এনেই ইয়াত তেওঁ বহিহে থাকে, যা, কৈ পেলাই ঘোঁৰাটো লৈ যাবি। তই কেতিয়াও দুদিনীয়া বাট খোজ কঢ়া নাই, খোজ কাঢ়িলে ভৰি বিষাব। যা, এতিয়া গা ধোগৈ। ভাত-পানী খাই-বই দদায়েৰক মাত দি ঘোঁৰাটো, মোৰ শপত, তই খুজি লৈ যাবি দেই। কিন্তু কাম-কাজ এটা ঠিক হ'লেই মোক লৈ যাব লাগিব। তুমি তেন্তে বেগতে যোৱাঁ, মই গা ধুই আহোঁগৈ, তুমি ভাত বাঢ়াগৈ। (সুমথিৰা গ'ল (আপোনা-আপুনি) মই যদি কোনোমতে কাম-কাজ এটাত সোমাই ল'ব পাৰোঁ, তেন্তে ধনে চৌ-চৌৱাই থাকিব। বাগিচাত মহৰী সোমালে মানুহ বেগতে চহকী হ'ব পাৰে। আজি-কালি বাগিচাত যিবোৰ মহৰী সোমাইছে, তাৰ ভিতৰত ইংৰাজী জনা দূৰতে থক, ভালকৈ অসমীয়াতে চিঠি এখন লিখিব নেজানে। মই তেও ইংৰাজী হাইস্কুলৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িছিলোঁ। মই চাহাবৰ লগত মাজে- সময়ে কেতিয়াবা ২/৪ এষাৰ কথা-বতৰা ইংৰাজীৰে কোৱা-মেলা কৰিব পাৰিম। মইযে ইংৰাজী জানো, এইটো মুখেৰে ভাঙি কোৱাতকৈ, মোক দেখিলেই চাহাবে চিনি পোৱাটো হৈ যোৱাহে যুগুত। তালৈকে মোৰ ঠেঙা, টুপী, কোট দেখোঁ একোটোৱেই নাই। অ’, বেছ কথা মনত পৰিছে; দোছৰ আছে নহয়! খাই-বই তেওঁৰপৰা খুজি আনোগৈ৷ পিছে-পৰে নিজেও ল'ব পাৰিম। (গুচি গ'ল)