পৃষ্ঠা:মহাসতী জয়মতী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ সংশোধনৰ প্ৰয়োজন নাই

8 মহাসতী জয়মতী। বিলাকৰ চকুত টোপনি নাই—কাৰ পাল কেতিয়া আহে, তালৈকে বাট চাই দুট ফটাব লাগিছে। ৰজা হোৱাটোৱেই ভয়ৰ কাৰণ হৈছে। কোঁৱৰবিলাক সেই ভয়তে পেপুৱা লাগিছে। আজি যি জন কোঁৱৰক ৰজা পাতিব, কাইলৈ তেওঁৰ দশা কি হয়, কোনে জানে! এইবিলাক কাৰণতে মোৰ মন সদায় দোলায়িত। যেতিয়ালৈকে এই দেশত শান্তি নহয়, তেতিয়ালৈকে মোৰ মনত শাস্তি নহয়, নহয়, নিশ্চয় জানিবা। ভানুমতী—সখী, তোমাৰ কিহৰ ভয়। তোমাৰ দেউতাৰ। বৰগোহাঁই—তেওঁৰ অখণ্ড প্ৰতাপ। তেওঁ হাত-দীঘল পুৰুষ! তেওঁৰ ভয়ত বনৰ বাঘে৷ কঁপি থাকে! জয়মতী – সেয়ে তো ভয়ৰ কাৰণ। - অখণ্ড প্ৰতাপ খণ্ড খণ্ড হবলৈ কেই দিন লাগিছে? দেবো ===ৰুৱাৰ অখণ্ড প্ৰতাপ নাছিল নে? তেওঁ চুন্যত ফা, চুহুং আৰু এৰ সৰ্গদেওক চক্ৰান্ত কৰি মাৰিলে। চুক্লফা-সৰ্গদেও নৰিয়া পৰি মৰিল। নহলে দেবেৰা বৰবৰুৱাই তেওঁকো বিহু, খুৱাই নেমাৰিলেহেতেঁন বুলি কোনে কব পাৰে? পাচত সেই দেবেৰা বৰবৰুৱাকে৷ আন আন ডাঙৰীয়া আৰু বিষয়াসকলে বধ নকৰিলে জানো! এতেকে দেউতাৰ অখণ্ড প্ৰতাপৰ কথা সুৱঁৰি মোৰ মনত বিভীষিকা উেপস্থিত হৈছে। সেইটো সেই—তাৰ উপৰি প্ৰজাৰ বিলৈ দখি পানীতো হাহ নচৰা হৈছে। মই কেনেকৈ থিৰে থাকো? সখা, এটা উপায় দিয়াচোন, মোৰ মনটো কেনেকৈ থিৰ হয়।