পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৬। হৰিৰ ভকতি হীন যত কৰ্ম্মচয়।
 জীৱক কেৱল মাত্ৰ বন্ধন কৰয়॥

(ৰত্নাকৰ ভাঃ, ৯০৫)

৭। পাপত মগন হুৱা  কৰ্ম্মক আচৰে গৈয়া
  জানা সি কি পুণ্য সিজে তাৰ।
 দুৰ্ঘোৰ কলিত ইটো  মলমতি মনুষ্যৰ
  একো বস্তু নাহি অধিকাৰ॥
 যেন সুৱৰ্ণক শুদ্ধ  মৃত্তিকা নকৰে যদি
  ধোৱে নিয়া অৱংখ্যাত জলে।
 খপন্তে খপন্তে যেবে  বহ্নি অভ্যন্তৰ ভৈল
  তেৱে সুৱৰ্ণক তেজে মলে॥
 এহিমতে তপ জপ  যজ্ঞ যোগ আচৰিয়া
  মিছাতেসে পাৱে মহা খেদ।
 যাৱত নিশ্চয় কৰি  হিয়াত নাদৰে হৰি
  নুহি তাৱে কৰ্ম্ম-বন্ধ ছেদ॥
 দেৱসব উপাসয়  যদি যোগ অভ্যাসয়
  কৰে স্নান সমস্তে তীৰ্থত।
 নাম জপ তপে বুদ্ধি  নুহি অভ্যন্তৰ শুদ্ধি
  কহিলো তোমাত ইটো তত্ত্ব॥
 জগত ঈশ্বৰ হৰি  তাঙ্কে হৃদি স্থিত কৰি
  যিমতে পবিত্ৰ হোৱে চিত্ত॥

(দ্বাদশ, ১৪৩—১৪৫)