পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। বোলন্ত পৰম অজ্ঞ ইটো লোকচয়॥
 কৰন্ত অসুখ কৰ্ম্ম সুখক ইচ্ছায়।
 আপোনাৰ কৰ্ম্মে আপুনিয়ে বন্ধ যায়॥
 ইহ পৰকালত ভোগত কৰি ৰতি।
 সংসাৰত ভ্ৰমি ফুৰে অতি মন্দমতি॥

(ৰত্নাকৰ ভাঃ, ৪৩৭—৪৩৮)

৩। ওঝা! সোজা পন্থ না হেৰি।
 কোটি কৰম কায়  হৰিকো নাহি পায়
  পড়ল ভৱ বেৰি বেৰি॥

(বৰগীত, ১৩)

৪। নপাৱয় মোক যোগ যাগ যজ্ঞ দানে।
 মহামন্ত্ৰ জপি কোটি শত তীৰ্থ স্নানে॥
 নপাৱে আমাক একাদশী উপবাসে।
 নকয়ৰ বশ্য মোক পৰম সন্ন্যাসে॥
 আন কৰ্ম্ম কৰিয়া মিছাত মৰে লোক।
 ভকতৰ সঙ্গে শেষে মাত্ৰ জানে মোক॥

(একাদশ, ১৯২৯৭)

৫। তীৰিথ বৰত তপ জপ যাগ যুগুতি।
 মন্ত্ৰ পৰম ধৰম কৰম কৰত নাহি মুকুতি॥

(বৰগীত, ৯)