পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৮। কেৱল কৰ্ম্মত মাত্ৰ বিশ্বাস যাহাৰ।
 হিয়াত থাকন্তে তুমি বিদূৰ তাহাৰ॥
 তোমাৰ গুণৰ মাত্ৰ শ্ৰৱণ-কীৰ্ত্তন।
 ইটো ধৰ্ম্মে সদা যাৰ ভৈল প্ৰৱৰ্ত্তন॥
 অহঙ্কাৰ আদি তাৰ যদ্যপি থাকয়।
 তথাপি সাক্ষাত সিটো তোমাক পাৱয়॥

(ৰত্নাকৰ ভাঃ, ৪৩০—৪৩১)

৯। কৰ্ম্মৰ পুছিলা বাণী  তাক শুনা মহামানী
 যিটো নাম নধৰে আমাৰ।
 জনম গোৱাই বৃথা  নুশুনে আমাৰ কথা
 তাৰেসে কৰ্ম্মৰ অধিকাৰ॥
 হৃষ্ট চিত্তে যিটো জন  কথা বৃথা বৃথা মন
 তাৰ কৰ্ম্ম সকলে বিফল।
 তিলেকো নাথাকে ৰই  তেতিক্ষণে যায় বই
 এওৱা ঘটৰ যেন জল॥
 ইটো কথা সাৰে সাৰ  জ্ঞানত কৰ্ম্মত আৰ
 নকৰিবা বিশ্বাস কিঞ্চিত।
 শ্ৰৱণ কীৰ্ত্তন কৰা  সুখে সংসাৰক তৰা
 দিয়া মোৰ চৰণত চিত্ত॥
 তপ জপ যজ্ঞ দানে  যিটো ফল মহাদানে
 জ্ঞান বৈৰাজ্ঞত মহাফল।
 যিটো হৰিনাম গাৱে  বসি সব সুখ পাৱে
 দেখা সবে ভকতিৰ বল॥

(একাদশ, ১৯৩২৩—১৯৫২৫)