পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। ক্ষণিক জীৱন   মিলিব মৰণ
   গিলিবেক ধৰি কালে।
 ইটো নৰতনু  নেনা আলে জালে
   বিষয় মিছা জঞ্জালে॥
 যেন বিষ-লতা-  চয় ফুল ফলে
   আছে জকমক কৰি।
 প্ৰথম দেখস্তে  সুন্দৰ পাছত
   পৰশিলে যায় মৰি॥
 সেহি মত ইটো   পুত্ৰ দাৰা ধন
   বিষয়ৰ যত সুখ।
 প্ৰথমে আনন্দ  মিলান্ত পাছত
   গুণন্তে পৰম দুঃখ।
 যত দেখা ধন   শৰীৰ সজ্জন
   মৰিলে লগে নাযায়!
 হৰিৰ ভকতি   পৰম সম্পত্তি
   ইহ পৰলোকে পায়॥

(দশম, ৫১১-৫১৩)

৩। বিষয় বিলাসে নিলে ইহেন জন্মক।
 ছাইৰ অৰ্থে পোলা কিয় জাতি-চন্দনক॥
 মহামণি ৰত্ন যেন সম নুহি মোলে।
 তাকো সলাই আনি কাঞ্চমণি পিন্ধে গলে॥
 একে কাকমাংস সিও আঢ়া কুকুৰৰ।
 অতি অল্প সিও দেখা নুহিকে বিস্তৰ॥