পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

তাকো মহা প্ৰৱন্ধ কৰিয়ো নপাই লাগ।
যদি পাৱে তাকো আসি আনে খোজে ভাগ॥
সেহি মত বীভৎস বিষয় যত সুখ।

(ৰামায়ণ, উত্তৰা কাণ্ড)

৪। বিষয়ৰ সুখ যত দুঃখ সে অন্তত।
 মহা আপদৰ ঘোৰ ইটো দেহ যত॥

(ৰত্নাকৰ, ১০১৩)

৫। জল বুদবুদ যেন অথিৰ জীৱন॥
 ধন জন বন্ধু যত পুত্ৰ প্ৰাণ জায়া।
 সমস্ত অৱস্তু যেন ইন্দ্ৰজাল-মায়া॥
 দুঃখময় সংসাৰত সৌকাৰ্য্য কিঞ্চিত।
 বিষ কলসৰ যেন মুখত অমৃত॥
 হেন বিষয়ত কেনে কৰাহা বিশ্বাস।
 অমৃতক তেজি যেন বিষ কৰা গ্ৰাস॥
 পৰম অজ্ঞানী যেন কিৰাত সকলে॥
 মুকুতাক তেজি গুঞ্জমণি পিন্ধে গলে॥
 হৰি ভক্তি এৰি যিটো আন কৰ্ম্ম কৰে।
 জানিবা পাইলেক তাক তেন পটন্তৰে॥

(দশম, ২৩২০-২৩২২)

৬। বিষয়ৰ সুখ যত দুঃখসে অন্তত!
 মহা আপদৰ ঘৰ ইটো ভোগ যত॥