পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

কাল ভুজঙ্গে দংশি লৱে প্ৰাপ।
কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ॥

(কীৰ্ত্তন, ২৩৩০)

১৯৷ সংসাৰ চক্ৰত  চিৰকাল ভ্ৰমো
  তোমাত নভৈল বোধ।
 একোৱে প্ৰকাৰে  সুখ শান্তি নাই
  নিজিনিলো কাম ক্ৰোধ॥
 প্ৰণত পালক  তোমাৰ চৰণে,
  লৈলোহো আৱে শৰণ :
 ভয় শোক মৃত্যু  গুচয় যিমতে
  ৰক্ষা কৰা নাৰায়ণ॥

(কীৰ্ত্তন, ১৩৮৯-১৩৯০)

বিষয়

১। বিষয় বিষধৰ  বিষে জৰজৰ
  জীৱন নাৰহে থোৰ॥
 কমল দলজল  চিত্ত চঞ্চল
  ঠিৰ নোহে তিল এক।
 নাহি ভয়ো ভৱ  ভোগে হৰি হৰি
  পৰম্পদ পৰতেক॥

(বৰগীত, ১৭)