পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


ব্ৰহ্ম ব্যতিৰেকে মিছা যত দেখা আন।
জৰীত উপজি যেন আছে সৰ্পজ্ঞান॥
জাগন সোপন বুদ্ধিৰেসে বৃত্তিচয়।
নানাবিধ দেখা যিটো সবে মায়াময়॥
ক্ষণকেতে ওপজে ক্ষণেকে নাশ হয়।
সমস্তে অৱস্থা যেন টাটকৰ নয়॥
যেন আকাশত মিলে সংহত মেঘৰ।
ক্ষণেকে থাকিয়া হোৱে ক্ষণেকে অন্তৰ॥
ব্ৰহ্মতো জগত ৰাজা জানা সেহিনয়।
উপজিয়া ব্ৰহ্মত ব্ৰহ্মতে যায় লয়॥
একে ব্ৰহ্ম আছে সৰ্ব্ব দেহত প্ৰকটে।
যেন এক আকাশ প্ৰত্যেক ঘটে ঘটে॥
জলত সূৰ্য্যক যেন দেখি ভিনে ভিন।
এহিমতে জানিবা ব্ৰহ্মতো ভেদহীন॥
কঙ্কণ কুণ্ডল ঘট গঢ়ে হেমহাৰ।
একে সুৱৰ্ণত দেখি অনেক আকাৰ॥
সেহিমতে একব্ৰহ্ম জানে শুদ্ধ সিদ্ধ।
অজ্ঞানত বাক্য বোলে তাঙ্ক বহুবিধ॥
সূৰ্য্য-ৰশ্মি হোৱে যেন মহা মেঘগণ।
সূৰ্য্য-অঙ্গ চক্ষুক তথাপি কৰে ছন্ন॥
ব্ৰহ্মৰে স্বৰূপ অহঙ্কাৰ যদি হয়।
ব্ৰহ্ম-অংশ জীৱক তথাপি আৱৰয়॥
যেন মেঘ গৈলে চক্ষু সূৰ্য্যক নিৰেখে।