পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

সেহিমত সংযোগ বিয়োগ সুহৃদৰ।
ঈশ্বৰৰ বশ্য কেহো নোহে স্বতন্তৰ॥

(কুৰুক্ষেত্ৰ, ৯৪—৯৫)


১০। কাল ঈশ্বৰৰ চেষ্টা বুজন নযায়।
 সংযোগ বিয়োগ মিলে ঈশ্বৰ ইচ্ছায়॥
 বন্ধু বান্ধৱক আনি কৰে এক ঠাই।
 তিলেকতে পুনহো পেহ্লাৱে বিহৰাই॥
 যেন মিলে মহা মেঘ সমূহ আকাশে।
 ক্ষণেক থাকিয়া উৰে প্ৰচণ্ড বতাসে॥
 যেন তৃণ লতা যত পৃথিবীৰ ধূলি৷
 একত্ৰে নাথাকে উড়ুৱাৱৈ বায়ু তুলি॥
 সেহিমত সমাগম বন্ধু-বান্ধৱৰ।
 কালৰ অধীন যবে নোহে স্বতন্তৰ॥

(কুৰুক্ষেত্ৰ, ১৪৪—১৪৬)

মোক্ষ

১। মোক্ষকেসে বুলি জানা আত্যন্তিক লয়।
 ব্ৰহ্মজ্ঞানী দেখে জগতক ব্ৰহ্মময়॥
 বুদ্ধিমন ইন্দ্ৰিয় মহত্ত্বৰ অহঙ্কাৰ।
 ব্ৰহ্মত পৃথক নুহি যতেক সংসাৰ॥