পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

অহঙ্কাৰ গুচিলে ব্ৰহ্মকো জীৱে দেখে॥
মায়া এৰে আপুনি বুদ্ধিৰ গুচে ভ্ৰম।
নিৰ্ম্মল হৃদয় জীৱে দেখে পৰংব্ৰহ্ম॥
যি কালত জ্ঞান-অস্ত্ৰে ছেদে অহঙ্কাৰ।
ছিণ্ডে কৰ্ম্ম-বন্ধ তেৱে জীৱে আপোনাৰ॥
হৃদয়ত পৰম আনন্দ হোৱে জাত।
পৰিপূৰ্ণ আত্মা হোৱে মনত সাক্ষাত॥
দেহকো নেদেখে জীৱে হোৱে ব্ৰহ্মময়।
ইহাকে বুলিবা ৰাজা আত্যন্তিক লয়॥

(দ্বাদশ, ১৭১—১৮০)

২।

য়িটো ভুঞ্জি নিজ   কৰ্ম্মৰ বিপাক
  তোমাৰ কৃপাক চাৱে।
কায়বাক্য মনে   তোমাকেসে সেৱে
  সেইসে মোক্ষক পাৱে॥

(দশম, ৪৯৪)।

মুক্তি

১।

ছাড়ি মিছা মায়াময়   নিজ ব্ৰহ্ম ৰূপ হয়
  মুকুতি বুলিয় তাকে ভূপ॥

(দ্বিতীয়, ২৫০)