সমললৈ যাওক

পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 তেতিয়া শ্ৰীকৃষ্ণই সেই মূৰ্ত্তি দেখুৱালে। তেতিয়া অৰ্জ্জুনে কলে—আপোনাৰ এই সৌম্য মানুহৰূপ দেখি মই অব্যাকুলিত চিত্ত আৰু প্ৰকৃতিস্থ হলোঁ। (গীতা ১১৷৫১)।

 এনে অৱস্থাত শ্ৰীকৃষ্ণক সামান্য মনুষ্য বুলি আশঙ্কা কৰিব পাৰেনে?

 মহাপুৰুষ শঙ্কৰদেৱে শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী চতুৰ্ভুজ কৃষ্ণক উপসনা কৰিছিল আৰু তেওঁৰ ভকতসকলকো তেনে কৰিবলৈ উপদেশ দিছিল। উৰেষা বৰ্ণনাত তেওঁ শ্ৰীকৃষ্ণৰ দুটা ৰূপৰ কথা কৈছে :—

প্ৰথম ৰূপ :— মায়াতেসে দেখয় বিবিধ পৰিচ্ছেদ।
 স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ॥
 চৈতন্য স্বৰূপে ব্যাপী এক নিৰঞ্জন।
 তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন॥
 নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী।
 দেৱ নজানন্ত তাঙ্ক কেনে জানো আমি॥

অপৰ ৰূপ :—অপৰ তোমাৰ ৰূপ যাত ভুজ চাৰি।
 পীতবস্ত্ৰে শোভে শঙ্খ-চক্ৰ-গদা-ধাৰী॥
 পিন্ধি আছা, ৰত্নৰ মুকুট আৰ হাৰ।
 হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ॥