পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


সেহিসে মূৰ্ত্তিক আৰাধন্ত দেৱগণে।
তাকেসে ভকতজনে চিন্তে সৰ্ব্বক্ষণে॥

কীৰ্ত্তন, ২১৭৮৷২১৮০

মহাপুৰুষে এই দ্বিতীয় মূৰ্ত্তিকো ধ্যান কৰিবলৈ উপদেশ দিছে। কীৰ্ত্তনৰ ধ্যান বৰ্ণনত ইয়াৰ বিস্তৃত আলোচনা আছে। প্ৰথমৰূপ মানুহে ধ্যান কৰা অসম্ভৱ।

 (ক) অদ্বৈতবাদ—ওপৰত বৰ্ণিত প্ৰথম ৰূপ উপনিষদেও এইদৰে বৰ্ণাইছে :—

“একো দেৱঃ সৰ্ৱ ভূতেষু গূঢ়ঃ সৰ্বব্যাপী সৰ্ৱ ভূতান্তৰাত্মা।
কৰ্মাধ্যক্ষঃ সৰ্ৱভূতাধিৱাসঃ সাক্ষী চেতা কেৱলো নিৰ্গুণশ্চ॥

(শ্বেতাশ্বঃ উঃ ৬৷১১)

 অৰ্থাৎ “অদ্বিতীয় পৰমাত্মা (চৈতন্য) সৰ্ব্বভূততে গূঢ় ভাৱে অৱস্থিত, তেওঁ সৰ্ব্বব্যাপক আৰু সকলোৰে অন্তৰাত্মা, কৰ্ম্ম প্ৰবাহৰ নিয়ন্তা, সৰ্ব্বভূতৰ আশ্ৰয়, সাক্ষী, চৈতন্যস্বৰূপ, বিশুদ্ধ (মায়াতীত) আৰু প্ৰাকৃতিক গুণসম্বন্ধ শূণ্য।

 গীতাতো ইয়াৰ আভাস আছে যেনে :—

“মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়।
ময়ি সৰ্ৱমিদং প্ৰোক্তং সূত্ৰে ‘মুণিগণা ইব॥

(গীতা, ৭৷৭)