পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পুৰুষ শঙ্কৰদেৱৰ বাণী

ঘটজাতক উপাখ্যানো মহাভাৰত আৰু মহাভাগৱতত বৰ্ণিত কৃষ্ণৰ উপাখ্যানেৰে সৈতে নিমিলে। এতেকে এনে যুক্তিৰ বল একেবাৰে কম।

 ভগবদগীতাৰ দুই এক ঠাইত সাম্প্ৰদায়িক স্বাৰ্থৰ প্ৰক্ষিপ্ত বাকা থাকিব পাৰে। কিন্তু আধ্যাত্মিক জ্ঞানৰ এই শাস্ত্ৰখনি মিছা বা আনকি এনে কথা কোনেও কব নোৱাৰে। গীতাত বৰ্ণিত বিশ্বৰূপ সামান্য মনুষ্যই দেখুৱা অসম্ভৱ। শ্ৰীকৃষ্ণ চতুৰ্ভূজ (শঙ্খ, চক্ৰ, গদা আৰু পদ্মধাৰী) হৈ জন্মিছিল আৰু বৈকুণ্ঠ প্ৰয়াণৰ সময়তো সেই চতুৰ্ভুজধাৰী শৰীৰে সৈতে বৈকুণ্ঠধামলৈ গৈছিল। এইবোৰ সামান্য মনুষ্যৰ কাম নে? মহাভাগৱতত “কৃষ্ণস্তু ভগৱান্ স্বয়ং” বুলিছে।

 অৰ্জ্জুন গীতাত বৰ্ণিত শ্ৰীকৃষ্ণৰ কিৰীটি, গদা আৰু চক্ৰৰ অতি জ্যোতিৰ্ম্ময় (“কিৰীটিনং, গদিনং, চক্ৰিনং তেজোৰাশি সৰ্ব্বতোদীপ্তিমন্তং”) তেজোৰাশি দেখি ভয়ত কপিছিল। সেই নিমিত্তে অৰ্জ্জুনে তেওঁৰ কিৰীটিযুক্ত আৰু গদা-চক্ৰ হস্তৰ লগত পূৰ্ব্বৰ চতুৰ্ভুজ মূৰ্ত্তি দেখুৱাবলৈ অনুৰোধ কৰিছিল :—

“কিৰীটিনং গদিনং চক্ৰহস্তমিচ্ছামি ত্বাং দ্ৰষ্ট্ৰুমহং তথৈৱ।
তেনৈব ৰূপেণ চতুৰ্ভুজেন সহস্ৰবাহো ভৱ বিশ্বমূৰ্ত্তে॥”

গীতা, ১১৷৪৬।