সমললৈ যাওক

পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী

এই লিপিবোৰ খোদিত হোৱাৰ সময়তে বা তাৰ কিছু কাল পিচত এই ভাগৱত ধৰ্ম্ম উত্তৰ ভাৰতৰপৰা দাক্ষিণা ত্যলৈ বিস্তৃত হয়। পাণিনিয়ে (পূঃ খৃঃ চাৰি-পাঁচ শতিকা) তেওঁৰ ব্যাকৰণত এই ধৰ্ম্মক “বাসুদেৱ” ধৰ্ম্ম বুলিছে আৰু এই ধৰ্ম্মাৱলম্বী লোকক “বাসুদেৱক” আখ্যা দিছে। এই ভাগৱত ধৰ্ম্মক ভক্তি-ধৰ্ম্ম বুলি নিঃসন্দেহে কব পাৰি। এই খোদিত লিপিবোৰৰপৰা আৰু জনা যায় যে এই ভাগৱত ধৰ্ম্ম খৃষ্ট জন্মৰ অন্ততঃ ২০০ বছৰ আগৰ পৰা উত্তৰ ভাৰতত চলিছিল।

 (ক) আলৱাৰ—দাক্ষিণাত্যত আলৱাৰসকলে প্ৰৱ ৰ্ত্তোৱা ধৰ্ম্ম পূ: খৃঃ পহিলা শতাব্দীতে চলিত আছিল। এই ধৰ্ম্মাৱলম্বী লোকসকলক “ভাগৱত” বুলিছিল আৰু তেওঁলোক বাসুদেৱ কৃষ্ণৰ ভকত আছিল। পিচত খৃষ্টীয় দ্বাদশ শতিকাত শ্ৰীৰামানুজ আচাৰ্য্যই এই ধৰ্ম্ম প্ৰচাৰ কৰে। দাক্ষিণাত্যৰ বাৰ জন প্ৰধান আলৱাৰৰ নাম জনা যায়। তামিল আলৱাৰ শব্দৰ অৰ্থ—যিসকলে বাসুদেৱ- কৃষ্ণৰ ভক্তিত ডুবগৈ আছে তেনে সিদ্ধ। আলৱাৰসকলৰ মাজত পুৰুষ-স্ত্ৰী আৰু ব্ৰাহ্মণ-চণ্ডাল আদি সকলো জাতৰ মানুহ আছিল। বাণীৰ টোকাত ইয়াৰ আভাস দিয়া হৈছে। উপৰোক্ত বাৰজন আলৱাৰে “তামিল বেদত” বা “বৈষ্ণৱ- প্ৰৱন্ধ”ত সংগৃহীত ৪০০০ (চাৰি হাজাৰ) গীত ৰচিছিল।