পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

তাৰে ১০৭ টি গীত অণ্ডাল নামে তিৰোতা আলৱাৰ এগৰাকীৰ ৰচিত *। তেওঁলোকে নাৰায়ণক প্ৰধান উপাস্য দেৱতা বুলি মানে। বেদৰ তত্ত্ববোৰ তেওঁলোকে মান্য কৰে, অৱতাৰৰ মাজত শ্ৰীকৃষ্ণকে পূৰ্ণ অৱতাৰ বুলি নিৰ্দ্দেশ কৰে আৰু তেওঁক সেৱা কৰিবলৈ আৰু তেওঁৰ নাম-কীৰ্ত্তন কৰিবলৈ উপদেশ দিয়ে। আলৱাৰসকলৰ স্থান মহাভাগৱতত এনেদৰে নিৰ্দ্দেশ কৰিছে :—

কৃতাদিষু প্ৰজা ৰাজন্ কলাৱিচ্ছন্তি সংভৱম্।
কলৌ খলু ভৱিষ্যন্তি নাৰায়ণপৰায়ণাঃ॥
কচিৎ কচিন্মহাৰাজ দ্ৰাবিড়েষু চ ভূৰিশঃ।
তাম্ৰপৰ্ণী নদী যত্ৰ কৃতমালা পয়স্বিনী॥
কাবেৰী চ মহাপুণ্যা প্ৰতীচী চ মহানদী।
যে পিবন্তি জলং তাসাং মনুজা মনুজেশ্বৰ।
প্ৰায়ো ভক্তা ভগৱতি বাসুদেৱেহমলাশয়াঃ॥

ভাগঃ-১১৷৫৷৩৮-৪০

 অৰ্থাৎ “হে ৰাজন্! সত্যাদিৰ লোকসকলে কলিত জন্ম ধৰিবলৈ ইচ্ছা কৰে। হে মহাৰাজ! কলিত কোনো কোনো ঠাইৰ লোকসকল নাৰায়ণ পৰায়ণ হব। য’ত


  • এই শাস্ত্ৰৰ অপৰ নাম “তামিল বেদ” বা “দ্ৰাবিড় আয়াৰ।”