পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী

 মহাভাৰত আৰু গীতাৰ ৰচনা কাল সঠিক জনা নাযায়। কাৰো কাৰো মতে মহাভাৰতৰ প্ৰথম ৰচনাৰ কাল পূঃ খৃঃ পঞ্চাদশ শতিকা। আন কিছুমান পণ্ডিতৰ মতে তাৰ কাল পূঃ খৃঃ চাৰি শতিকা। কোনো কোনোৱে গীতা ৰচনাৰ কালো পূঃ খৃঃ চাৰি শতাব্দী বুলি কয়; এতেকে “ভাগৱত” ধৰ্ম্মৰ উৎপত্তি কাল পূঃ খৃঃ চাৰি শতিকা বুলি ধৰিব পাৰি। তাত বাদে পুৰণি খোদিত লিপি কেইখনমানৰ পৰা “ভাগৱত” ধৰ্ম্ম প্ৰচলিত থকা কালৰ সঠিক প্ৰমাণ পোৱা যায়। বেচ নগৰত পূঃ খৃঃ দুই শতিকাত উত্তোলিত এডাল পতাকা-দণ্ড পোৱা গৈছে। তাৰ ওপৰত এটা গৰুড়ৰ মূৰ্ত্তি আছে আৰু তাক “বাসুদেৱ” লৈ শ্ৰদ্ধা জনাবলৈ পোতা হৈছিল এই দণ্ড গ্ৰীচৰ ৰজা ভাগৱৎ এন্টিয়াল্কিদচৰ প্ৰতিনিধি হেলিওদৰচে পুতিছিল।

 ইয়াৰ কিছুকাল আগৰ ঘোছন্দিত এখন শিলৰ দেৱালত (প্ৰাচীৰত) খোদিত লিপিৰপৰা জনা যায় যে, “বাসুদেৱ”ৰ ভায়েক ভগৱৎ সঙ্কৰ্ষণৰ পূজাৰ কাৰণে সেই প্ৰাচীৰ উঠোৱা হৈছিল।

 এই দুখন আৰু আন দুই তিনিখন খোদিত লিপিৰপৰা জনা যায় যে ভাগৱতসকল বাসুদেৱ-কৃষ্ণৰ ভকত আছিল আৰু বাসুদেৱ-কৃষ্ণৰপৰা ভাগৱত ধৰ্ম্মৰ উদ্ভৱ হৈছিল