পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী


কৰে। তাৰে প্ৰথম মত হৈছে—অহিংস ধৰ্ম্ম। ধৰ্ম্মৰ নামত প্ৰাণী-হিংসা কেতিয়াও ঈশ্বৰানুমোদিত ধৰ্ম্ম হব নোৱাৰে৷ ভূত-দয়া ইয়াৰ প্ৰধান অঙ্গ।

 মহাভাৰতৰ মতে (১২৷২৩৬৷২৬ আৰু ১২৷২৪৬৷১০-১১) এই ভাগৱত ধৰ্ম্ম স্বয়ং নাৰায়ণৰপৰা নাৰদ মুনিয়ে পাইছিল। তাৰ আগেয়ে হৰি (ভাগৱৎ) গীতাত শ্ৰীকৃষ্ণে অৰ্জ্জুনক কৈছিল— (১২৷২৪৮৷৬-৮)। আন এঠাইত জন্মেজয়ৰ প্ৰশ্নৰ উত্তৰত বৈশম্পায়নে কৈছিল যে প্ৰথমে স্বয়ং ভগৱন্তই অৰ্জ্জুনৰ আগত এই ধৰ্ম্ম কৈছিল (গীতাত)। মহাপুৰুষ শঙ্কৰদেৱেও মহাভাগৱতত সেই কথাকে কৈছে। যেনে—

“কহোঁ আৰু ভাগৱত ধৰ্ম্মৰ লক্ষণ।
বিমৰিষি পূৰ্ব্বত আপুনি নাৰায়ণ॥
ঋষি মুখে আন ধৰ্ম্ম কৰায়া বেকত।
কহিলা আপোন মুখে নিজ ধৰ্ম্মমত॥
যাক জানি মহা সুখে মূঢ়জনো তৰে।
অজাতি পাতকী যাক জানিলে নিস্তৰে॥
পৰম ভকতে যাক নিতে কৰে ৰতি।
সেহি ভাগৱত ধৰ্ম্ম জানিবা নৃপতি॥

(নিমি নৱসিদ্ধ, ৪৫—৪৭)