পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী


ব্যাপক-পৰমেশ্বৰ। কঠোপনিষদত “বিষ্ণু”ক ব্ৰহ্মলৈ: তুলিছে। যেনে—

“বিজ্ঞান সাৰথিৰ্বস্তু মনঃ প্ৰগ্ৰহৱান্নৰঃ।
সোহব্বনঃ পৰমাপ্নোতি তদ্বিষ্ণোঃ পৰমং পদম।”

(কঠোপঃ ৩৷৯)।

 “যাৰ বিজ্ঞান সাৰথি আৰু মন বশীভূত তেনে লোকে জনম-মৰণৰূপ পথ অতিক্ৰম কৰি সৰ্ব্বোপদ্ৰৱ- বৰ্জিত শান্ত আনন্দময় ব্ৰহ্মলোক পায় ” (ইয়াত ব্ৰহ্মকে বিষ্ণু বুলিছে।)

 ভাৰতৰ ধৰ্ম্ম-বুৰঞ্জীত এইদৰে বিষ্ণুৰ ক্ৰমবিকাশ ঘটিছে।

 ২। ভাগৱত ধৰ্ম্ম—বাণীত ভাগৱত ধৰ্ম্ম কাক- বোলে তাৰ ইঙ্গিত দিয়া হৈছে। এই ধৰ্ম্ম কিয়, কোনে, কেতিয়া প্ৰৱৰ্ত্তন কৰিলে সেই কথা কোৱা উচিত।

 এই কথা নিঃসন্দেহে কব পাৰিলে ধৰ্ম্মগুৰু মহাবীৰ আৰু ঈশ্বৰাৱতাৰ গৌতম বুদ্ধৰ প্ৰৱৰ্ত্তিত জৈন আৰু বৌদ্ধ ধৰ্ম্মৰদৰে এই ভাগৱত ধৰ্ম্মও ব্ৰাহ্মণ্য ধৰ্ম্মৰ কৰ্ম্মকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে উদ্ভৱ হল। মহাভাৰতৰ শান্তিপৰ্ব্বৰ নাৰায়ণীয় খণ্ডত এই ধৰ্ম্মৰ কথা আছে। এই ধৰ্ম্মৰ প্ৰথম প্ৰচাৰকে বৈদিক কৰ্ম্মকাণ্ডৰ দেখাদেখিকৈ বিৰুদ্ধাচৰণ নকৰি জন-সাধাৰণৰ গ্ৰহণীয় কেইটিমান মত প্ৰচাৰ