পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰুষ শঙ্কৰদেৱৰ বাণী

যুগত বেদ বিহিত যাগ-যজ্ঞৰ আৰু কৰ্ম্মকাণ্ডৰ প্রশংসা আৰু অনুষ্ঠান অতি বিস্তৃত হয়। সেই যুগত বর্ণাশ্রম ধৰ্ম্মৰ বান্ধ বৰ কটকটীয়া হয়। এইবােৰৰ প্ৰভুত্বৰ বিৰুদ্ধে কিছুমান জ্ঞানী ঋষি আৰু ক্ষত্রিয় সিদ্ধই থিয় হয়। তেওঁলােকে দেৱ-ধৰ্ম্মৰ প্ৰকৃত তত্ত্ব বিচাৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলােকৰ আলােচনাবােৰ উপনিষদ নামে গ্রন্থবােৰত লিপিবদ্ধ হয়।

 বৈদিক যুগৰ শেষ ভাগত তেওঁলােকে উপনিষদবোৰত এটা নতুন ধর্ম্ম ব্যাখ্যা কৰে। এই ধৰ্ম্ম বৈদিক কৰ্ম্ম-কাণ্ডৰ বিৰােধী; ই হিন্দুধৰ্ম্মৰ দার্শনিক তত্ত্ববােৰলৈহে দৃষ্টি ৰাখে। এই ধৰ্ম্মৰ কাল প্রায় ২,৫০০ বছৰ হব। দেৱ-দেৱীৰ পূজা নিৰ্ভুল আৰু পৰিপাটিৰূপে কৰি পার্থিব জীৱনৰ সুখ আৰু মৰণান্তত স্বর্গসুখ লাভ কৰিবলৈ এই ধৰ্ম্মে ইচ্ছা নকৰে, কেৱল পৰমাত্মাৰ লগত জীৱত্মা সংযােগ কৰি জীৱক জনম-মৰণৰ দুখৰপৰা মুক্ত কৰিবলৈহে শিক্ষা দিয়ে। উপনিষদৰ মতে যাগ-যজ্ঞাদি কৰ্ম্ম একেবাৰে অনাৱশ্যক, জ্ঞানহে পৰম পুৰুষাৰ্থ। উপনিষদত পৰমাত্মা বা পৰমেশ্বৰেই ব্রহ্ম। “ব্ৰহ্ম” শব্দ ঋগ্বেদতো পােৱা যায়। কিন্তু তাত তাৰ অর্থ প্রাণ, উপসনা বা প্রার্থনা। ব্রাহ্মণ গ্ৰন্থত তাৰ অৰ্থ “জগৎ” “বিশ্ব পৱিত্ৰতা”। উপনিষদত তাৰ অর্থ মুল-তত্ত্ব, বিশ্ব-