পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

সেই দেখি তেওঁ সাধাৰণ ঘাট এৰি নিজে এটি ঘাট কৰি তাতে স্নান কৰিছিল আৰু বিখ্যাত ৰঙ্গনাথ মন্দিৰৰ ওচৰলৈ যাবলৈ সাহ নকৰিছিল। কিন্তু তেওঁ এনে একান্ত ভকত আছিল যে এজন ব্ৰাহ্মণ যোগীয়ে তেওঁক কান্ধত তুলি লৈ গৈ ৰঙ্গনাথৰ মন্দিৰৰ ভিতৰত নমাই দিছিল। শ্ৰীৰামানুজাচাৰ্য্যই এই আলৱাৰসকলৰ ধৰ্ম্মকে শিক্ষা কৰি প্ৰচাৰ কৰিছিল।

 [ ২৪২ পৃঃ ] প্ৰাণী-উপকাৰ—প্ৰাণী উপকাৰ এটি মহৎ ধৰ্ম্ম। দধীচি ঋষিয়ে দেৱতাৰ উপকাৰৰ অৰ্থে নিজৰ প্ৰাণ ত্যাগ কৰিও নিজৰ হাৰ দান কৰিছিল।

 [ ২৪৩ পৃঃ ] প্ৰাণী-হিংসা—মহাপুৰুষৰ প্ৰৱৰ্ত্তিত ধৰ্ম্ম অহিংস। তাত বলি বিধান নাই। মহাত্মা কবীৰেও প্ৰাণী হিংসা নিন্দা কৰিছে। যেনে,—

(১) সাধো পাঁড়ে নিপুণ কসাঈ
 বকৰী মাৰ ভেড়কো ধাৱে, দিলমে দৰদ নাই।

 অৰ্থাৎ, হে সাধু! পুৰোহিত বৰ নিপুণ কসাই৷ ছাগলী মাৰি ভেড়ালৈ দৌৰে, চিত্তত অলপো দয়া নাই।

(২) একাদশী নিৰ্জ্জল ৰহৈ, ভগতা শুনৈ পুৰাণ।
 বকৰা মাৰি মাস কৈ ভোজন, ঐ সে চতুৰ সুজান।
 অৰে নিপট চণ্ডাল মহাপাপী অপৰাধী।
 বিনা দয়া অজ্ঞান কায়া, কাঁহে নহি সাধী।