পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


তাক যাৰ লোভাদি নিবৃত্তি হোৱা নাই তেনে লোকত, অপুত্ৰকত বা যাৰ কোনো শিষ্য হোৱা নাই বা যাক কোনেও গুৰু বোলা নাই বা যোনে কাৰো শিষ্য হোৱা নাই তেনে লোকক নিদিব। কিন্তু যাৰ ঈশ্বৰত পৰম ভক্তি আৰু ঈশ্বৰত যেনে গুৰুতো তেনে ভক্তি আছে—এই উপনিষদত কথা তেনে ভকতৰ হৃদয়ত প্ৰকাশ পায় আৰু হৃদয়ত জ্ঞান উৎপন্ন কৰে।

 [২৩৯ পৃঃ ] জাতিভেদ—মহাপুৰুষ শঙ্কৰদেৱে ধৰ্ম্ম বিলাওঁতে জাতিভেদ উঠাই দিছিল। সকলো সত্ৰতে জাতি-বৰ্ণ নিৰ্ব্বিশেষে ভকত সকলৰ প্ৰবেশাধিকাৰ আছিল। গাৰো, ভোট, যবনেও তেৰাৰ ধৰ্ম্ম ধৰি আতাৰ শ্ৰেণীলৈ উঠিব পাৰিছিল। যবন চান্দসাঁইও তেৰাৰ নাম-ধৰ্ম্ম গ্ৰহণ কৰি পবিত্ৰ হৈছিল *৷

 ভাৰতৰ আন আন বৈষ্ণৱ সম্প্ৰদায়েও অস্পৃশ্যতা বৰ্জন কৰা দেখা যায়। দক্ষিণ ভাৰতৰ বিখ্যাত বৈষ্ণৱ শিৰোমণি বাৰজন আল-ৱাৰৰ ভিতৰত নাম-আলৱাৰেই প্ৰধান আছিল। তেওঁ জাতত শূদ্ৰ আছিল। জাতত শূদ্ৰ হলেও তেওঁ নীচ কুলীয়া বুলি কেতিয়াও মনত দুখ কৰা নাছিল। এই বাৰজন সিদ্ধৰ মাজত যোগীবাহ নামে আন এজন আছিল “পাৰেয়া” ( অস্পৃশ্য চণ্ডাল)।


  • ৰামানন্দ দ্বিজ খচিত শঙ্কৰ চৰিত্ৰৰ ১৩৫৫ পদ দেখা।