পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

 অৰ্থাৎ, একাদশীত নিৰ্জ্জল উপবাস কৰিছা, ভাগৱত পুৰাণ পঢ়িছা, কিন্তু ছাগলী মাৰি মাৰি মাংস খাইছা। হেৰ নিষ্ঠুৰ মহাপাপী অপৰাধী চণ্ডাল! তই দয়াৰ সাধনা নকৰ কেলৈ?

(৩) অপনে সুতকে মুংডন কৰাৱে, চুৰা লগন ন পাৱৈ।
অজয়া কৈ চিংগনা ধৰমাৰৈ, তানকো দয়া ন আৱৈ॥

 অৰ্থাৎ নিজৰ ল’ৰাৰ মূৰ কামাওঁতে কিমান সাৱধান, যেন ক্ষুৰে নাকাটে। কিন্তু ছাগলী পোৱালীক ধৰি মাৰে, তালৈ অলপো দয়া নাহে।

 [২৪৯ পৃঃ ] সত্য—মহাপুৰুষৰ ধৰ্ম্ম সত্যৰ ওপৰত প্ৰতিষ্ঠিত। সত্যই মানুহক উচ্চ আৰু অসত্যই নীচ কৰে।

 [২৫৯ পূঃ ] সুৰাপান—মাদকতা বৰ্জ্জন অসমৰ এক শৰণ ধৰ্ম্মৰ মূল-নীতি৷

 [১০১ পৃঃ] ১নং ফকৰা, “সাত পুৰুষত নাই গাই”— যেনেকৈ কোনো কালে গাই নৰখা লোকে অজ্ঞতা হেতু কঁৰীয়াৰ পৰিবৰ্ত্তে চালনি লৈ গাই খীৰাবলৈ গৈ গাখীৰ ধৰিব নোৱাৰে, সেইদৰে কেতিয়াও ভক্তি নথকা লোকে বিষয়ত আসক্ত থাকি ঐকান্তিকতা এৰি ভক্তিত ধৰিলে সি ফলৱতী নহয়।

 ( শান্তিজান বন্ধাৰ সময়ত ব্ৰাহ্মনে শান্তি দিব নোৱাৰাত এই কথা উঠিছিল)। অথবা, গো পদে বেদকো