পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


(২) “কৃষ্ণক এড়িয়া কৰে আশ্ৰয় আনক।
 নাহি মূঢ়মতি আৰ তাহাৰ সমান॥”

( ৰত্নাৱলী, ১১৬৬)


(৩) “স্বভাৱে ঈশ্বৰ কৃষ্ণ দেৱ সৰ্বোত্তম।
 নাহি আন ধৰ্ম্ম তান ভকতিক সম॥

(ৰত্নাৱলী, ৯৫০)।

 [ ২৩১পৃঃ ] বিধি-নিষেধ—বিধি আৰু নিষেধ এই উভয়েই ঈশ্বৰৰ আজ্ঞা-ৰূপ বেদ আৰু সেই বেদো বিধেয় আৰু নিষিদ্ধ কৰ্ম্মৰ গুণ-দোষ অপেক্ষা কৰে*৷

 [ ২৩৪ পৃঃ ] উপদেশ, ২ দফা—এই উপদেশত দাম্ভিক আৰু শঠত ধৰ্ম্মৰ তত্ত্ব কবলৈ নিষেধ কৰিছে। উপনিষদতো তেনে; যেনে,

“বেদান্তে পৰমং গুহ্যং পুৰা কল্পে প্ৰচোদিতম্।
নাপ্ৰশান্তায় দাতব্যং নাপুত্ৰায়াশিষ্যায়ৱা পুনঃ॥”
“যস্য দেৱে পৰা ভক্তি যথা দেৱে তথা গুৰৌ।
তস্যৈতে কথিতা হ্যৰ্থঃ প্ৰকাশতে মহাত্ননঃ॥”

(শ্বেতাশ্বতৰ উঃ, ৬৷২২-২৩)

 অৰ্থাৎ, অতি প্ৰাচীন কালত বেদান্ত উপনিষদত জ্ঞানীসকলে ঈশ্বৰ সম্বন্ধে যি গুহ্য কথা কৈ গৈছে


  • ভাগৱত, ১১|২৯৷৩৪ দেখা।