পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

মাধৱদেৱ পুৰুষে আকৌ গাইছে :—

“একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ  দৈৱকীনন্দনে কৈল যাক
 দেৱো এক মাত্ৰ দৈৱকী দেৱীৰ সুত।
দৈৱকী পুত্ৰৰ পদ-সেৱা  কৰ্ম্মো এক এহিমানে মাত্ৰ
 মন্ত্ৰো এক তান নাম মাত্ৰ অদভূত॥”

( নামঘোষা, ৬৬৫)



আকৌ,
“ভাৰত পুৰণি আদি যত  প্ৰকাশ কৰয় নানা মত
 যত মহাজন সৱৰ সভা মধ্যত।
পৰম আনন্দ ৰসময়  কোটি সূৰ্য্য সম প্ৰকাশয়
 মহাভাগৱত নোহন্ত যাৱে বেকত॥”

( নামঘোষা, ৬৮৩)

 [ ২২৭ পৃঃ ] দেৱ-ধৰ্ম্ম—দেৱ ধৰ্ম্ম (দেৱ-দেৱীৰ উপাসনা) মায়াময় তেনে ধৰ্ম্ম এৰি এক ভগৱন্তক ভজাই সংসাৰ তৰণৰ অতি সুগম উপায়। মহাপুৰুষ মাধৱদেৱে কৈছে :—

(১) “তুমিসি পৰম আত্মা শৰণ-দায়ক।
 ব্ৰহ্মাদি দেৱৰো তুমি পৰম নায়ক॥

(ৰত্নাৱলী, ১১৭৭)