পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

মই বিনে অনুমাত্ৰ নজানন্ত আৰ॥
মই ভকতত পৰে নজানোহা আন।
কৰো ৰাত্ৰি দিনে মাত্ৰ তাসম্বাক ধ্যান॥”

( ৰত্নাবলী, ৩৯৮-৯)।

অন্যত্ৰ, “মহন্তে সহিতে অনুমাত্ৰ মোৰ
 নাহিকে জানা অন্তৰ।
 হেন জানি নৰে মহন্তৰ সঙ্গে
 কৰোক মোত ভকতি॥”

(ৰত্নাৱলী, ৪৪২)

 [ ২১৭ পৃ:] ভাগৱত-ধৰ্ম্ম বা একশৰণ-ধৰ্ম্ম

—মহা-ভাগৱতত আছে :—

“দেৱৰ্ষিভূতাপ্তনৃণাং পিতৃণাং
ন কিঙ্কৰো নায়মুণীচ ৰাজন্।
সৰ্ব্বাত্মনা যঃ শৰণং শৰণ্যং
গতো মুকুন্দং পৰিহৃত্য কৰ্ত্তুম॥”

(ভাগ, ১১৷৫৷৪১)।

 অৰ্থাৎ, যোনে কৰ্ম্ম ত্যাগ কৰি কায়-মন-বাক্যে শৰণাগতপালক মুকুন্দৰ চৰণত শৰণ লৈছে, তেওঁ দেৱতা, ঋষি, প্ৰাণী, কুটুম্ব, মনুষ্য আৰু পিতৃসকলৰ কিঙ্কৰ বা ঋণী নহয়। এইটো একশৰণ ধৰ্ম্মৰ চিন।