পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


“আপোন নামৰ সঙ্গ নছাড়ন্ত হৰি।
যেই নাম যেই হৰি জানা নিষ্ট কৰি॥”

(নামঘোষা, ৫১৪)।

আকৌ, হে প্ৰাণ প্ৰভু ৰঘুপতি  ৰাম ৰাম ৰাম ৰাম ৰাম
 তোমাত কৰিয়া তযু গুণ নাম চাৰ।”

(নামঘোষা, ৬৩৭)।

 [ ২১৪ পূঃ ] গুৰু—গুৰুক ঈশ্বৰৰ নিচিনা দেখিব ‡৷ সুমঙ্গল জিজ্ঞাসু মানুহৰ পক্ষে শব্দ-ব্ৰহ্মৰ পৰগামী আৰু পৰব্ৰহ্মত নিমগ্ন গুৰুৰ শৰণ লোৱা উচিত§।

 কবীৰ চাহাবে কয়—“গুৰু গোবিন্দ দ্বৌ এক হ্যায়।” অৰ্থাৎ, গুৰু আৰু গোবিন্দ একে। আন ঠাইত তেওঁ কৈছে :–“সৎগুৰু নুৰ তমাম”—অৰ্থাৎ সৎগুৰু সকলো ৰকমে জ্যোতিৰ্ম্ময়।

 [২১৫ পৃঃ ] ভকত—বিষ্ণু আৰু বৈষ্ণৱৰ একো পাৰ্থক্য নাই। মহাপুৰুষ মাধৱদেৱে কৈছে :—

“মোহোৰ হৃদয় নিষ্ঠে জানিবা ভকত।
ভকতৰো হৃদয় মইসে সাৰে সাৰ॥


  • ৰাম ত্বত্তোধিকং নাম যদ্বক্তৈৱ নৰস্তৰেৎ।

বিনাপি সেতুনিৰ্মাণমপাৰ ভৱসাগৰাম্—ৰামায়ণ।

‡ ভাগৱৎ, ১১৷১৭৷২৩

§ ভাগৱৎ ১১৷৩৷২১