পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 আকৌ, মানুহে যেতিয়া সকলো কৰ্ম্ম পৰিত্যাগ কৰি মোতে আত্মসমৰ্পণ কৰি মোৰ কৰ্ম্ম কৰিবলৈ ইচ্ছুক হয়, তেতিয়া নিশ্চয় অমৃতত্ব লাভ কৰি মোৰ লগত এক হবৰ যোগ্য হয় *।

 মহাপুৰুষ মাধৱদেৱেও কৈছে :—

“তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ॥
ধন জন গৃহ পুত্ৰ ভাৰ্য্যা আপোনাৰ॥
সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণত।
ইহাকে বোলয় মহা ধৰ্ম্ম-ভাগৱত॥”

( ৰত্নাৱলী, ১৮৪-৮৫)।

 [ ২২৩ পূঃ ] একশৰণ বা নাম ধৰ্ম্মৰ মূল—গীতা মহাত্ম্যত আছে :—

“সৰ্ব্বোপনিষদো গাৱো দোগ্ধা গোপাল নন্দনঃ।
পাৰ্থো, বৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ॥”

(গীতা মাঃ, ৫)

অৰ্থাৎ,
সকল উপনিষদে ধেনু  দোগ্ধা ভৈল তাৰ নন্দ-সুত
 তাৰ বৎস ভৈল কুন্তী-সুত ধনঞ্জয়।
দুগ্ধ ভৈল মহা গীতামৃত  কৃষ্ণৰ চৰণে দিয়া চিত্ত
 সুবুদ্ধি সকলে সন্তোষে পান কৰয়॥”

(নামঘোষা, ৬৬৭)


  • ভাগৱত, ১১৷২৯৷৩৪।

২৮