পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

এতচ্ছ্ৰত্বা বচনং কেশবস্য।
কৃতাঞ্জলিৰ্বেপমানঃ কিৰীটী;
নমস্কৃত্য ভূয় এবাহ কৃষ্ণং
সগদগদং ভীতভীতঃ প্ৰণম্য। গীতা, (১১৷৩৫)

 অৰ্থাৎ কিৰীটী অৰ্জ্জুন ভগৱন্তৰ এই কথা শুনি কৃতাঞ্জলিপুটে কম্পিত কলেবৰে অতিভীততকৈ ভীতচিত্তে নমস্কাৰ কৰি প্ৰণাম কৈ গদগদ বাক্যেৰে আকৌ কলে। উপনিষদত আৰু বেদত ইড়ে, হবামহে আদি শব্দৰ দ্বাৰা স্তুতি কৰা বুজাইছে।

 মহাপুৰুষ মাধৱদেৱে বন্দন সম্বন্ধে কৈছে :—

“কৰিয়া যতন অতি কায়বাক্য মনে।
যিয়ে নমস্কাৰ কৰে তোমাৰ চৰণে॥
তযু অনুগ্ৰহত কৃতাৰ্থ সি সি নৰ।
পাৱে সুখে মুকুতিৰ বণ্টা বৈকুণ্ঠৰ॥”

(ৰত্নাবলী, ১০৯৪-১০৯৫)


“ভগৱন্ত বন্দনত যিটো প্ৰৱৰ্ত্তিল।
পৰম মঙ্গল তাৰ এতেকে মিলিল॥”

(ৰত্নাবলী, ১০৮৯)

 [১৪৭ পৃঃ ] দাস্য—স্বামী-কিঙ্কৰ, চায়েৱ-চাকৰ, নাথ-নাথৱন্ত আদি ভাৱৰ নাম দাস্য-ভাৱ।