পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

মহাপুৰুষ মাধৱদেৱে কৈছে :—

“পৰম কৃতাৰ্থ শ্ৰীকৃষ্ণৰ দাস যত।
কোনে কহিবেক তাৰসৱৰ মহত্ত্ব॥” (ৰত্নবলী, ১১০৫)

“কৰিলে মমতা মাত্ৰ পূৰ্ব্বে পুত্ৰাদিত।
আছিলেক পাৱৰ নিহল বিপৰীত॥
এবে দাস-দাসী কৰি দিলেক কৃষ্ণত।
ইসৱ উপায়ে গৃহে সাধয় মোক্ষক॥” (ৰত্নাৱলী, ১১১৩)

“ইহকালে উপকাৰ দেখাইলো নিশ্চয়।
পৰলোকে ভগৱন্ত স্বৰূপ পাৱয়॥” (ৰত্নাৱলী, ১১১৪)

“অনন্য শৰণ তযু একান্ত দাসক।
দিয়া তুমি আপোনাৰ নিজ স্বৰূপক॥ ”

(ৰত্নাৱলী, ১১১৫)

 [ ১৫২ পূঃ ] সখিত্ব—সখিত্ব ভাৱ ভক্তিক মহাপুৰুষ শঙ্কৰদেৱে উচ্চ আসন দিয়া নাই। তেৰাই দাস্য-ভাৱ ভক্তিকে সাৰ কৰিছিল। সেইকাৰণে তেৰাই তেৰাৰ ৰচিত শাস্ত্ৰৰ প্ৰতি অধ্যায়ৰ আৰু প্ৰতি গীত আৰু ভট্টীমাৰ শেষত “কৃষ্ণৰ কিঙ্কৰ” ভণিতা দিছে। ব্ৰজৰ গোৰখীয়া লৰা আৰু ব্ৰজৰ পুৰুষ-স্ত্ৰী সকলোৰে লগত শ্ৰীকৃষ্ণৰ সখি হৈছিল।