পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

মাধৱদেৱে ইয়াক এনেকৈ বৰ্ণাইছে :—

“নিৰূপণ কৰো কৃষ্ণ পদ নিষেৱন।
প্ৰতিমাদি পৰিচৰ্য্যা কৰে যিটো জন॥
সাধাৰণ পদ নিষেৱন নাম তাৰ।
ভগৱন্ত পদ-সেৱা সৰ্ব্ব উপকাৰ।” (ৰত্নাৱলী,৯৫১)

 ইয়াত ভগৱন্তৰ পদ-সেৱাৰ কথা হে বিশষকৈ কোৱা হৈছে।

 [ ১৩০ পৃঃ ] বন্দনা নমস্কাৰ—উপনিষদত আছে :— “নমো ব্ৰহ্মণে” (তৈত্তিৰীয় উঃ, ১৷১) “তে নম উক্তি বিধেম” (ঈশোপনিষদ, ১৬) ইত্যাদি কথা। গীতাত পোৱা যায় :—

“আখ্যাহি মে কো ভবানুগ্ৰৰূপো
 নমোহস্তু তে দেবৱৰ প্ৰসীদ।
বিজ্ঞাতুমিচ্ছামি ভৱন্তমাদ্যং
 ন হি প্ৰজানামি তব প্ৰবৃত্তিম॥”

(গীতা, ১১৷৩১)।

 অৰ্থাৎ এই উগ্ৰমূৰ্ত্তিধাৰী তুমি কোন, তাক মোক কোৱা। হে দেৱশ্ৰেষ্ঠ! মই তোমাক নমস্কাৰ কৰিছোঁ; তুমি প্ৰসন্ন হোৱা। আদি পুৰুষ তোমাক জানিবলৈ ইচ্ছা কৰোঁ; কিয়নো তোমাৰ প্ৰবৃত্তি মই নাজানোঁ। আকৌ,—