পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


মহাভাগৱততো তেনে—যেনে,

তস্মাৎ সৰ্বাত্মনা ৰাজন্ হৰিঃ সৰ্ব্বত্ৰ সৰ্ব্বদা।
শ্ৰোতব্যঃ কীৰ্ত্তিতব্যশ্চ স্মৰ্ত্তব্যো ভগবান্ নৃণাম্॥

( ভাগৱত, ২৷২।৩৬)

 অৰ্থাৎ, মঙ্গলাভিচাৰী লোকে সদাই সকলো ঠাইতে,
হৰিৰ গুণ শ্ৰৱণ, কীৰ্ত্তন আৰু স্মৰণ কৰিব।

 মহাপুৰুষ মাধৱদেৱেও কয় :—

(১)  “মুকুতিতো কৰি  কথা শ্ৰৱণৰ
 অধিক সুখ আছয়॥” (ৰত্নাবলী, ৫৪৫)

(২) “অহঙ্কাৰ থাকন্তেও  সাক্ষাতে কৃষ্ণক পাৱে
 শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ॥” (নামঘোষা, ৬)

(৩) “কৰ্ণপথে ভকতৰ  হিয়াত প্ৰবেশি হৰি
 দুৰ্ব্বাসনা হৰে সমস্তয়।
 জলৰ যতেক মল  যেহেন শৰত কালে
 স্বভাৱতে নিৰ্ম্মল কৰয়॥” (নামঘোঃ, ১৫)

(৪)  “শ্ৰৱণৰ মহা-সুখ মুকুতিত নাই।
 মোক্ষ আদি কৰি সুখ শ্ৰৱণত পাই॥”

( ৰত্নাবলী, ৬১৫)


(৬)  “শুনা সভাসদ সব যুগুতি বচন।
 হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ॥”

(ৰত্নাবলী, ৬৬৬)