পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


(৭)  “ভোগ্যৰ অমৃতে অতি  বঢ়াৱে সকাম কৰ্ম্ম
 কথামৃতে কৰে কৰ্ম্ম-নাশ।
 ন চাৱয় অনুষ্ঠান  শ্ৰৱণ মাত্ৰকে মহা
 মুকুতিকো কৰন্ত প্ৰকাশ॥”

(ৰত্নাৱলী, ৬৭২)


(৮)  “গুচয় অবিদ্যা হৰি কীৰ্ত্তন কৰন্তে।
 অনায়াসে হোৱে মোক্ষ সংসাৰত হন্তে॥”

( ৰত্নাৱলী, ৮২২)

 [১১৫ পৃঃ] স্মৰণ—উপনিষদত আছে—“মনোহনেন চৈতদুপস্মৰতি” (কেনোপনিষদ, ৩০৷৫) অৰ্থাৎ মনেৰে এনে ব্ৰহ্মক স্মৰণ কৰে*। আকৌ গীতাত পোৱা যায়— যে যিসকলে ঈশ্বৰৰ ভক্ত হৈ ঈশ্বৰতে সকলো কৰ্ম্ম অৰ্পণ কৰি একান্ত ভক্তিৰে ভগৱন্তক ধ্যান আৰু উপাসনা কৰে পৰমেশ্বৰে তেওঁলোকক সংসাৰৰ পৰা উদ্ধাৰ কৰে †।


  • অথাধ্যাত্মং যদেতদুপগচ্ছতীব চ মনোহনেন চৈতদুপ-

স্মৰত্যতীক্ষ্মং সংকল্পঃ (কেনোপনিষদ, ৩০৷ ৫)

† যে তু সৰ্ব্বাণি কৰ্ম্মাণি ময়ি সংন্যস্য মৎপৰাঃ৷
অনন্যেনৈৱ যোগেন মাং ধ্যায়ন্ত উপসতে॥
তেষামহং সমূদ্ধৰ্ত্তা মৃত্যুসংসাৰসাগৰাৎ৷
ভৱামি ন চিৰাৎ পাৰ্থ ময্যাবেশিতচেতসাম্॥

(গীতা, ১২৷৬-৭)