পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

দৃষ্টান্তে সহিতে কহোঁ কাৰণ ইহাৰ॥
যেন খাৰ আমলে পখালে সুৱৰ্ণক।
নপাৰে গুচাইবে অভ্যন্তৰৰ মলক॥
খপন্তে খপন্তে বহ্নি ভৈল অন্তৰ্গত।
তবে নিজ বৰ্ণ ধৰে গুচে মল যত॥
সেহিমতে যাগ যোগ আদি নিৰন্তৰে।
কৰ্ম্ম-মল বাসনাক পৱিত্ৰ নকৰে॥
শ্ৰৱণ-কীৰ্ত্তনে মোক ভজে যিটো জন।
গুচে কৰ্ম্ম-মল তাৰ শুদ্ধ হোৱে মন॥
মোৰ ভক্তি বলে দহি লিঙ্গ শৰীৰক।
পাৱে অনায়াসে মোৰ নিজ স্বৰূপক॥”

(ৰত্নাৱলী, ২২৮-২৩৫)

 [১০৪ পৃঃ ] শ্ৰৱণ-কীৰ্ত্তন—ন বিধ ভক্তিৰ মাজত শ্ৰৱণ
কীৰ্ত্তনেই প্ৰধান। উপনিষদতো তেনে দেখা যায়। যেনে,—

“উত্ত্বা শ্ৰুত্বা চ মেধাৱী ব্ৰহ্মলোকে মহীয়তে।”

 অৰ্থাৎ, কীৰ্ত্তন আৰু শ্ৰৱণ কৰি বিদ্বান পুৰুষে
ব্ৰহ্মলোকত (বৈকুণ্ঠত) সৎকাৰ পায় *।


  • নচিকেতমূপাখ্যানং মৃত্যুপ্ৰোক্তং সনাতনম্।

উত্ত্বা শ্ৰুত্বা চ মেধাৱী ব্ৰহ্মলোকে মহীয়তে।

( কঠোপনিষদ, ৩৷১৬)