পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি।
নোহি আন সুখ আৰ ভকতিৰ সৰি॥”

( ৰত্নাৱলী, ৫৩-৫৪)

আকৌ, এতেকে পৰম সুখে পাইবেক মুকুতি।
আনমতে নাহি মোক্ষ কহিলো যুগুতি॥”

(ৰত্নাৱলী, ৫০৩)।

 [১৭ পৃ:] মুক্তি— মুক্তিৰ পৰ্য্যায় :—কৈৱল্য, নিৰ্ব্বাণ, শ্ৰেয়ঃ, নিঃশ্ৰেয়স, অমৃত, মোক্ষ আৰু অপৱৰ্গ

 মুক্তিৰ সংজ্ঞা :—ভাগৱতত এই সংজ্ঞা দিছে :—

“মুক্তিৰ্হিত্বান্যথাৰূপং স্বৰূপেণ ব্যৱস্থিতিঃ।

(ভাগৱত, ২৷১০৷৬ )

 অৰ্থাৎ আত্মাই অন্যথা পৰিত্যাগ কৰি যি নিজ স্বৰূপত অৱস্থিতি কৰে তাৰে নাম মুক্তি। এতেকে মুক্তি জীৱৰ এবিধ অৱস্থা। ই পাচবিধ যেনে,—

“সালোক্যসাৰ্ষ্টিসামীপ্যসাৰূপৈকদ্দপ্যুত।
দীয়মানং ন গৃহ্নন্তি ৱিনা মৎসেৱনং জনাঃ॥

(ভাগৱত, ৩৷২৯৷১৩৷ )

 অৰ্থাৎ, একান্ত ভকতসৱক সালোক্য, সাৰ্ষ্টি, সামীপ্য, সাৰূপ্য আৰু একত্ব-এইবোৰ মুক্তি দিলেও তেওঁলোকে