পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

গ্ৰহণ নকৰে। তেওঁলোকে মোৰ সেৱা ভিন্ন আন একো নিবিচাৰে।

 ৰামানন্দ দ্বিজ ৰচিত চৰিত্ৰত মুক্তিবোৰৰ এই অৰ্থ দিছে। যেনে,—

“হৰি সমন্বিতে, একে লগে বঞ্চে, তাহাকে বোলে সালোক্য।
সাৰ্ষ্টি মুকুতিৰ সমান ঐশ্বৰ্য্য, সমৰূপ সাৰূপৰ৷
হৰিৰ নিকটে, জানিবাহা থান, সামীপ্য মুক্তি লোকৰ॥
একত্ব মুকুতি, তাহাকে বোলয়, ব্ৰহ্মতে যি যাই লয়!
অৱতাৰ শক্তি, যাহাত বিষয়, সাঞ্জুষ্যৰ চিন্ন হয়॥”

(ৰামা, ১১২৭)

 পৰমেশ্বৰৰ লগত পৰম আনন্দৰ থান বৈকুণ্ঠত থকা অৱস্থাৰ নাম সালোক্য মুক্তি। ভগৱন্তৰ সমান ঐশ্বৰ্য্য লাভৰ অৱস্থাই সাৰ্ষ্টি মুক্তি। বিষ্ণুৰ সমান ৰূপ (শ্যাম বৰ্ণ হাতত শঙ্খ, চক্ৰ, গদা, পদ্ম আদিৰে ৰূপ) পোৱা অৱস্থাৰ নাম সাৰূপ্য মুক্তি। বৈকুণ্ঠত নাৰায়ণৰ ওচৰত থকাৰ অধিকাৰ পোৱাই সালোক্য মুক্তি। ভগৱন্তত লয় হৈ যোৱা অৱস্থাৰ নাম একত্ব মুক্তি। সাযুজ্য মুক্তিতো জীৱ বিষ্ণুত লীন হয়; কিন্তু একত্ব আৰু সাযুজ্য মুক্তি পৰস্পৰ একে নহয়। সাযুজ্য চুক্তিৰ আন এটি নাম লীন মুক্তি। ভক্ত প্ৰহ্লাদ আৰু উদ্ধৱে লীন মুক্তি পাইছিল।