পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

 আত্মস্বৰূপ ভগৱন্তৰপৰা যি জন-সমুদ্ৰৰ বৈষম্য হয় সেয়ে মহৎ (মহত্তত্ত্ব ) *।

 উপনিষদত ভগৱন্তক কালাকাল (কালৰো অধিকাৰী) বোলা হৈছে। যেনে,—

“যেনাবৃতং নিত্যমিদং হি সৰ্ব্বজ্ঞ: কালাকালো গুণী সৰ্ববিদ্যঃ।’’ (শ্বেতাশ্বেতৰোপনিষদ ৬৷২)

 মাধৱদেৱ পুৰুষেও ঈশ্বৰক “কালমায়াদিৰো অধিকাৰী” বুলিছে। (নামঘোষা, ৫৮৬)।

 [৪৫পৃঃ] মোক্ষ—গীতাত মোক্ষৰ অপৰ নাম “ব্ৰহ্ম- নিৰ্ব্বাণ’’ (গীতা, ৫৷২৪-২৮ আৰু ৬৷১৫)। ইয়াৰ অৰ্থ জনম-মৰণ বা কৰ্ম্ম-বন্ধৰ পৰা নিষ্কৃতি। মোক্ষ শব্দই সাধাৰণতে মুক্তিক বুজায় (বাণীৰ ১২ আৰু ১৫ দফা দেখা)। মহাপুৰুষ মাধৱদেৱৰ শাস্ত্ৰতো এনে দেখা যায়, যেনে,—

“যেহেন শৰ্কৰা খণ্ড ভুঞ্জে যিটো জনে।
তাৰ যেনমত স্বাদ সি সি মাত্ৰ জানে॥
সেহিমতে মোক্ষৰ মূৰুতি হৰিদেৱ।
তাতেসে বেকত হন্ত যিটো কৰে সেৱ॥


  • “আদ্যস্তু মহত: সৰ্গো গুণবৈষম্যত্মমানঃ।”

ভাগৱত, ৫৷১০৷১৪৷